ভাৰত-পাক সীমান্তত পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা ভাৰতীয় সেনাৰ

সোমবাৰে পুৱতি নিশা প্ৰায় ১.৫০ বজাত জম্মুৰ আৰ এছ পুৰাৰ আৰ্নিয়া ছেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰে এজন অনুপ্ৰৱেশকাৰীক। এই এনকাউণ্টাৰৰ পিছতে অঞ্চলটোত অভিযান আৰম্ভ কৰা হয়।

বি এছ এফে কয় যে, ৩০-৩১ জুলাইৰ মাজ নিশা বি এছ এফৰ সেনাই আৰ্নিয়া সীমান্ত অঞ্চলত আই বিৰ ওপৰেৰে সন্দেহজনক গতিবিধি পৰ্যবেক্ষণ কৰে আৰু এজন অনুপ্ৰৱেশকাৰী বি এছ এফৰ বেৰৰ ফালে ওচৰ চাপি অহা দেখা যায়। সতৰ্ক সেনাই অনুপ্ৰৱেশকাৰীক নিষ্ক্ৰিয় কৰি অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *