মৰ্মান্তিক! চাৰিচকীয়া আৰু কণ্টেইনাৰৰ ভয়ংকৰ সংঘৰ্ষত নিহত ৪ জন

সোমবাৰে সংঘটিত এক মৰ্মান্তিক ঘটনাত এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে এখন গাড়ীৰ খুন্দাত কমেও চাৰিজন লোকৰ মৃত্যু হয়। পুৱতি নিশা তামিলনাডুৰ মাদুৰাইত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত পতিত দুয়োখন বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰে। এই শোকাৱহ ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হয়।

মাদুৰাই জিলাৰ আৰক্ষী অধীক্ষক শিৱ প্ৰসাদে এএনআইক নিশ্চিত কৰি কয় যে মাদুৰাই জিলাৰ তিৰুমাংগালমৰ সমীপত এখন গাড়ী আৰু কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত চাৰিজন লোকে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে নিহত সকলৰ পৰিচয় উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *