ইণ্ডিয়ান মুজাহিদীনৰ সৈতে তুলনা বিৰোধী মিত্ৰজোঁট INDIAক! প্ৰধানমন্ত্ৰীৰ মন্তব্যক লৈ বিতৰ্ক

বিৰোধীৰ মহা মিত্ৰজোঁট INDIA সম্পৰ্কে বিস্ফোৰক মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। মঙলবাৰে দলৰ সংসদীয় বৈঠকত বিৰোধী দলৰ সন্দৰ্ভত ভাষণ দি মোদীয়ে কয় যে INDIA নাম থাকিলে দেশপ্ৰেমিক হ’ব নোৱাৰে। ইষ্ট ইণ্ডিয়া কোম্পানীতো ভাৰত আছিল। উগ্ৰপন্থী সংগঠন ইণ্ডিয়ান মুজাহিদীনৰ অংশও ভাৰত। তেওঁলোকৰ কাম সকলো কথাৰ বিৰোধিতা কৰা। আমাৰ বিৰোধীৰ ক্ষেত্ৰতো একেই কথা।” তাৰ পিছত দলৰ সাংসদসকলক তেওঁৰ পৰামৰ্শ, “বিৰোধীৰ এই নামবোৰৰ কথা নাভাবিব।” নিজৰ কাম মন দি কৰক।

জ্যেষ্ঠ সাংসদ ৰবি শংকৰ প্ৰসাদেও সংসদীয় বৈঠকৰ অন্তত বিৰোধী পক্ষক ঠাট্টা কৰি কয়, “আমি ২০২৪ চনত পুনৰ আহিম।” আজি প্ৰধানমন্ত্ৰীয়ে বিৰোধী মিত্ৰজোঁট INDIAক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী, ইণ্ডিয়ান মুজাহিদীনক তুলনা কৰি বুজাই দিলে যে এজন নামত আৰু আন এজনক কামত। বুজিব বিচাৰিছিলো, কেৱল INDIA নাম ৰাখিলেই কোনো ডাঙৰ কাম কৰিব নোৱাৰি।” কিৰেণ ৰিজিজু, মনোজ তিৱাৰীৰ একেই বক্তব্য।

সচৰাচৰৰ দৰেই প্ৰধানমন্ত্ৰীৰ এনে মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হয়। ক্ষুব্ধ বিৰোধী। ৰাজ্যসভাৰ চিপিএমৰ সাংসদ তথা অধিবক্তা বিকাশৰঞ্জন ভট্টাচাৰ্যই প্ৰত্যুত্তৰ দি কয়, “INDIA মিত্ৰতাৰ বিষয়ে তেওঁ যি ক’লে, যিদৰে বুজাই দিলে, সেয়া কেৱল বিৰোধী মিত্ৰজোঁটৰ বাবেই নহয়, দেশৰ প্ৰতিও অপমান। দেশৰ নাম লৈ কোনোবাই ভাল কাম কৰা নাই নেকি? গতিকে ইয়াক উগ্ৰপন্থী সংগঠনৰ সৈতে কিয় তুলনা কৰা হৈছে? আচলতে বিৰোধীৰ এই শক্তিক লৈ বিজেপিয়ে ভয় কৰে। আতংকত ভুগি আছে। গতিকে উগ্ৰপন্থীৰ উদাহৰণ দি ভয়ৰ কথা কৈছে। আজি প্ৰধানমন্ত্ৰীয়ে যি ক’লে সেয়া অতি নিন্দনীয়।”

ইফালে মণিপুৰৰ বিষয়টোক লৈ বিৰোধীয়ে ঐক্যবদ্ধ হৈ অনাস্থা প্রস্তাৱ আনিবলৈ চেষ্টা কৰিছে৷ আজি লোকসভাত অনাস্থা অনাৰ সম্ভাৱনীয়তা। আজি পুৱা সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গৰ নেতৃত্বত বিৰোধী দলৰ বৈঠক অনুষ্ঠিত হয়। তাত লোকসভাত অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা কৰা হয়। সকলোৱে একমত হোৱা খবৰ। বিয়লি ২ বজালৈ বাকী আছে লোকসভাৰ অধিৱেশন। তেতিয়াহে অনাস্থাৰ প্ৰস্তাৱৰ ওপৰত সিদ্ধান্ত লোৱা হ’ব।

অৱশ্যে ৰাজ্যসভাত বিৰোধীৰ কৌশল কি হ’ব সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই। ইফালে সংসদৰ সন্মুখত সোমবাৰে নিশা বিৰোধীয়েও অনশন কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *