গৰু চুৰিৰ অভিযোগত ৫ ব্যক্তিৰ ওপৰত আক্ৰমণ স্থানীয় লোকৰ, জ্বলাই দিলে বাহন

মৰিগাঁও জিলাত এটা পৰিয়ালৰ ঘৰৰ পৰা গৰু চুৰিৰ অভিযোগত ক্ষুব্ধ স্থানীয় ৰাইজে ৫ ব্যক্তিক আক্ৰমণ কৰাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে।

অভিযোগ অনুসৰি, কালিয়া দাস নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা চুৰি হৈছিল গৰু।

ইয়াৰ পিছতে স্থানীয় ৰাইজে অভিযুক্ত কেইজনৰ বাহনতো অগ্নিসংযোগ কৰে। এই ঘটনাত এজন ব্যক্তিৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

প্ৰাথমিক খবৰ অনুসৰি কলিয়া দাসৰ ঘৰৰ পৰা গৰু চুৰি কৰি থকা অৱস্থাত ধৰা পৰে পাঁচটা চোৰ।

আন্ধাৰৰ সুযোগ লৈ দুজন পলায়ন কৰাৰ বিপৰীতে তিনিওটা চোৰক স্থানীয় ৰাইজে আটক কৰে।

ইফালে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত চোৰকেইটাক আটক কৰে।

চোৰ কেইটাৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *