অগ্ৰগামিনী আৰু সুপ্ৰভাত কলাক্ষেত্ৰৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

মহানগৰীৰ সামাজিক,সাংস্কৃতিক অনুষ্ঠান অগ্ৰগামিনী আৰু সুপ্ৰভাত কলাক্ষেত্ৰৰ যৌথ উদ্যোগত শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ চৌহদত পষেকজোৰাকৈ অনুষ্ঠিত গীত-নৃত্য,কবিতা আবৃত্তি আৰু অভিনয়ৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ ১৯জুলাইত সামৰণি পৰে। এই উপলক্ষে সেইদিনা কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতী প্ৰেক্ষাগৃহত অনুস্থিত হয় এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ৷ ৩জুলাইৰ পৰা ১৭জুলাইলৈ অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহণ কৰা ৩০গৰাকী প্ৰশিক্ষাৰ্থীয়ে সামৰণি অনুষ্ঠানত ভাগে ভাগে গীত-নৃত্য,কবিতা আবৃত্তিৰ কেইবাটাও ব্যতিক্ৰমী অনুষ্ঠান পৰিবেশন কৰাৰ উপৰি “বুঢ়া-বুঢ়ী আৰু শৃগাল পৰ্ব” শীৰ্ষক আটকধুনীয়া নাটক মঞ্চস্থ কৰে ৷ অনুষ্ঠানটিৰ সামগ্ৰিক পৰিচালনা ডিম্পল এচ কাশ্যপ আৰু সহপৰিচালনা অৰিন্দম বৰা আৰু চিন্ময়ৰ ৷ সামৰণি অনুষ্ঠানত বিশিষ্ট নাট্যকৰ্মী উপকূল বৰদলৈ, প্ৰদীপ পূজাৰী, শিল্পী বীৰেণ সিংহ, লেখিকা অনুৰাধা শৰ্মা পূজাৰীকে ধৰি বীৰেণ হাজৰীকা, দলবাহাদুৰ ছেত্ৰী,উৰ্মিলা চক্ৰৱৰ্তীসহ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি শিশু-শিল্পী সকলক উৎসাহিত কৰে ৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *