শুকুৰবাৰে ধেমাজি জিলাৰ জোনাই অঞ্চলত ধৰ্মীয় অনুষ্ঠানৰ প্ৰসাদ খোৱাৰ পিছতে মহিলা আৰু শিশুকে ধৰি ৮০ জন লোক অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হবলগীয়া হয়।
খবৰ অনুসৰি এই ৮০ জনৰ ভিতৰত কমেও ৬ জনৰ অৱস্থা গুৰুতৰ।
তথ্য লাভ কৰাৰ লগে লগে ডেকাপাম পি এইচ চি, জোনাই, আৰু জিলা সদৰৰ চিকিৎসা দল গাঁওখনত উপস্থিত হয়।
চিকিৎসকে খাদ্যৰ বিষক্ৰিয়াৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে।
এগৰাকী স্বাস্থ্য বিষয়াই কয়, “ডেকাপাম পি এইচ চি, জোনাই, আৰু জিলা সদৰৰ চিকিৎসা দল গাঁওখনত উপস্থিত হৈছে। প্ৰথম অৱস্থাত আমি সন্দেহ কৰিছিলো যে এইটো ফুড পইজনিং কেছ। ইয়াৰে কিছুমানৰ পেটৰ বিষ আৰু বমিৰ অভিযোগ আছিল। ৬ জনৰ অৱস্থা গুৰুতৰ।”