দুঃখবৰ! কোকিলকণ্ঠী সুদক্ষিণা শৰ্মা আৰু নাই

প্ৰসিদ্ধ কণ্ঠশিল্পী সুদক্ষিনা শৰ্মাৰ দেহাৱসান। শাৰীৰিক অসুস্থতাৰ বাবে হাস্পতালত চিকিৎসাধীন হৈ থাকি শেষ নিশ্বাস ত্যাগ কুকিলকণ্ঠী গায়িকাগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

বাতৰি অনুসৰি, সুদক্ষিণা শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পুৱা ৮.২৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। সুদাক্ষিনা শৰ্মা চেপচিছ আৰু চাপৰ ঘাঁৰ সৈতে এস্পিৰেচন নিউমোনিয়াত ভুগি আছিল।

১৯৩৪ চনত নিৰুপমা হাজৰিকা হিচাপে গুৱাহাটীত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মা আছিল সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কনিষ্ঠা ভগ্নী।

গীতিকাৰ আৰু সংগীত ৰচয়িতা দিলীপ শৰ্মাৰ সৈতে বিবাহৰ পিছত, তেওঁৰ শহুৰেকে তেওঁক ‘সুদক্ষিণা’ নাম দিছিল।

কথা আৰু জুৰ, জেতুকা বোলেৰে আদি তেওঁৰ আটাইতকৈ বিখ্যাত গানবোৰৰ ভিতৰত অন্যতম।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *