তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বৰহাপজানৰ এক আগশাৰীৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান সুপ্ৰভাত আই টি আইয়ে আগন্তুক ২০২৩ শিক্ষাবৰ্ষৰ আই টি আইৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘সুপ্ৰভাত বৃত্তি কাৰ্যসূচী’ ঘোষণা কৰিছে। এই কাৰ্যসূচীৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক যোগ্যতাৰ ভিত্তিত বিভিন্ন শ্লেবৰ অধীনত সহায় আগবঢ়াব।
আই টি আইত মহিলাৰ নামভৰ্তি বৃদ্ধিৰ বাবে এই কাৰ্যসূচীৰ অধীনত বিশেষ সুবিধা লাভৰো ব্যৱস্থা আছে। এই জলপানিৰ অধীনত ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ আৰু ফিটাৰৰ লগতে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেম এচিষ্টেণ্ট (কোপা)কে ধৰি সকলো ট্ৰেডৰ বাবে বৃত্তি প্ৰদান কৰা হ’ব। এই সুবিধা এনে সময়ত ঘোষণা কৰা হৈছে যি সময়ত নিটি আয়োগে আই টি আইৰ ওপৰত ‘ট্ৰেন্সফৰ্মিং ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট’ নামৰ অধ্যয়নৰ কথা প্ৰকাশ কৰিছে।
এই জলপানিয়ে সুলভ মূল্যত গুণগত বৃত্তিমূলক শিক্ষা সুনিশ্চিত কৰিবলৈ প্ৰয়োজনভিত্তিক আৰু যোগ্যতাভিত্তিক দুয়োটা শিক্ষাবৃত্তি প্ৰদান কৰে। এই বিষয়ে সদৰি কৰি সুপ্ৰভাত আই টি আইৰ অধ্যক্ষ টমী জোচেফে কয় যে “ভাৰতত আইটিআইৰ ধাৰণা সলনি কৰাৰ বাবে সুপ্ৰভাত আইটিআইৰ এয়া এক প্ৰগতিশীল পদক্ষেপ। বৃত্তিমুখী বা কাৰিকৰী শিক্ষাৰ শিক্ষাৰ্থীক গুণগত শিক্ষা প্ৰদান আৰু ছাত্ৰ-ছাত্ৰীক নিয়োগৰ বাবে যোগ্য কৰি তোলাৰ বাবে অত্যাধুনিক আন্তঃগাঁথনিৰ সৈতে ডিজাইন কৰা সুপ্ৰভাত আইটিআই এক প্ৰিমিয়াম প্ৰতিষ্ঠান।”