স্বয়ংচালিত খণ্ড উন্নয়ন পৰিষদ(অটোমোটিভ ছেক্টৰ ডেভেলপমেণ্ট) জিআইজেড-আইজিভিইটি আৰু মহাৰাষ্ট্ৰ ৰাজ্যিক দক্ষতা বিকাশ অভিযান(ষ্টেট স্কিল ডেভেলপমেণ্ট মিছন)ৰ সহযোগত এমএছডিইয়ে ক্লাষ্টাৰ ভিত্তিক প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এএছডিচিৰ দ্বাৰা পুনেত আয়োজিত এক সমাৱৰ্তন অনুষ্ঠানৰ জৰিয়তে মুঠ ৯৮গৰাকী প্ৰশিক্ষকক লৈ গঠিত অন্তিম ৪টা গোটক প্ৰমাণ পত্ৰ বিতৰণ কৰা হৈছিল। উল্লেখ্য যে, এডভান্সড ৱেল্ডিং, চিএনচি অপাৰেচন, ৰবটিক্স, মানদণ্ড নিয়ন্ত্ৰণ আৰু এডভান্সড অটোমোটিভ প্ৰযুক্তিৰ দৰে ব্যৱসায়ক সামৰি লৈছিল টি অ’ টি কাৰ্যসূচীয়ে।
সংকল্পৰ অংশ ৰূপে এই প্ৰকল্প বিকশা(উন্নীত)ই তোলা প্ৰশিক্ষকসকলে স্বয়ংচালিত ছেক্টৰৰ উন্নয়ন পৰিষদ আৰু আই জি চি চিৰ পৰা প্ৰমাণপত্ৰ লাভ কৰিছে। টিভিইটিত ই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰে। লগতে কাৰিকৰী আৰু শৈক্ষিক পাঠ্যক্ৰমৰ দক্ষতা উন্নত কৰে। একে সময়তে পাঠ্যক্ৰম সংশোধনৰ ক্ষেত্ৰতো উদ্যোগ ক্ষেত্ৰৰ লোকসকলক অন্তৰ্ভুক্ত কৰি দক্ষতাৰ ব্যৱধান হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰে ।দক্ষতা বিকাশৰ পদক্ষেপৰ প্ৰভাৱ বহুগুণে বৃদ্ধি কৰি বিভিন্ন খণ্ডত দক্ষ আৰু শক্তিশালী কৰ্মশক্তি গঢ়ি তোলাটো দক্ষতা ভাৰত অভিযান(স্কিল ইণ্ডিয়া মিছন)ৰ এক অবিচ্ছেদ্য অংগ।
প্ৰমাণপত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অটোমোটিভ স্কিল ডেভেলপমেণ্ট কাউন্সিল(স্বয়ংচালিত দক্ষতা বিকাশ পৰিষদ)ৰ চিইঅ’ নিলাম্বুজ শৰণ, ইভিপি আৰু চীফ ষ্ট্ৰেটেজী(মুখ্য ৰণনীতি আৰু সঞ্চালন)অপাৰেচন এএছডিচি ক্ৰমে ড০ ৰ’দনি ৰেভিয়েৰ, মিনু চাৰাৱগী, মহাৰাষ্ট্ৰ ৰাজ্যিক দক্ষতা বিকাশ সমিতি(ষ্টেট স্কিল ডেভেলপমেণ্ট ছচায়িটী)ৰ ৰমা শংকৰ পাণ্ডে, সুৰেশ লোন্ধে আৰু শচীন যাদৱ আৰু সুখ’কাৰ্তা জেনেৰেল ইঞ্জিনিয়াৰিং ক্লাষ্টাৰ প্ৰাইভেট লিমিটেড (এছচিপিএল)ৰ সঞ্চালক সাগৰ ডি চিন্দেকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি। এই সম্পৰ্কে মন্তব্য কৰি এএছডিচিৰ চিইঅ’ অৰিন্দম লাহিড়ীয়ে কয় যে, “কৰ্মশক্তিৰ দক্ষতা অহৰহ বৃদ্ধি কৰি, আমি এই খণ্ডটোৰ ভিতৰত উদ্ভাৱন, দক্ষতা আৰু উৎকৰ্ষতা বৃদ্ধি আগুৱাই নিব পাৰোঁ।”