ডিজিটেল ডেস্কঃ অম্বুবাচী মেলাত চৰকাৰী শিক্ষকক কৰ্তব্য পালনৰ নিৰ্দেশ দিয়া বুলি প্ৰচাৰিত বাতৰিক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে এই বাতৰিক লৈ স্পষ্টীকৰণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।
শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দি কয় যে অম্বুবাচী মেলাত চৰকাৰী বিদ্যালয়ৰ কোনো শিক্ষককে কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিয়া হোৱা নাই।
টুইটাৰত পেগুৱে লিখিছে, “কোনো শিক্ষকক অম্বুৱাছীৰ কৰ্তব্য দিয়া হোৱা নাই। আচলতে কৰ্তব্যৰ সবিশেষ এতিয়াও প্ৰকাশ কৰা হোৱা নাই বুলি কামৰূপ মহানগৰৰ উপায়ুক্তই স্পষ্ট কৰি দিছে। ইয়াৰ উপৰিও, শৈক্ষিক কেলেণ্ডাৰ অনুসৰি এতিয়া বিদ্যালয়সমূহত কোনো পৰীক্ষাৰ সময় নিৰ্ধাৰণ কৰা হোৱা নাই।”
ইয়াৰ পূৰ্বে বিদ্যালয় পৰিদৰ্শকৰ এক অধিসূচনাত উল্লেখ কৰা হৈছে যে অম্বুবাচী মেলা ২০২৩ সুচাৰুৰূপে চলাৰ বাবে অসম চৰকাৰে দক্ষ বিদ্যালয় শিক্ষকসকলক কৰ্তব্য বান্ধি দিয়াৰ সিদ্ধান্ত লৈছে।