মিজোৰাম চৰকাৰে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰণালয়, FICCI (জ্ঞান অংশীদাৰ), EY(জ্ঞান অংশীদাৰ), আৰু ইনভেষ্ট ইণ্ডিয়াৰ সহযোগত এক ঘূৰণীয়া মেজমেল অধিৱেশনৰ আয়োজন কৰে। চলিত বৰ্ষৰ শেষৰ ফালে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব গ্ল’বেল বিনিয়োগকাৰী সন্মিলনৰ প্ৰাকক্ষণত আয়োজন কৰা মাল্টি চিটী(বহু চহৰীয়া) বিনিয়োগকাৰী ৰাউণ্ডটেবুল কাৰ্যসূচীৰ অংশ।

মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী জোৰামথাংগাই ঘূৰণীয়া মেজমেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিভিন্ন খণ্ডৰ সুযোগ-সম্ভাৱনা সন্দৰ্ভত ৰাজ্য আৰু DoNER মন্ত্ৰণালয়ৰ চৰকাৰী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানত উপস্থিত থকা আন জ্যেষ্ঠ বিষয়াসকলৰ ভিতৰত আছিল শ্ৰী এইচ ৰামমাৱী, এষ্টাৰ লালৰুয়াটকিমি, শ্ৰী ভি লালেংমাৱিয়া, আৰু ৰ’নাল্ড লালচুয়ানাৱমা। ঘূৰণীয়া মেজমেলত দেশৰ বিভিন্ন প্ৰান্তৰ উদ্যোগীকে ধৰি ১০০ৰো অধিক অংশগ্ৰহণকাৰী উপস্থিত থাকে।

মুখ্যমন্ত্ৰী শ্ৰী জোৰামথাংগাই উপস্থিত সকলক সম্বোধন কৰি কয়, “মিজোৰামক সঁচাকৈয়ে স্বৰ্গৰ দৰে দেখা যায়, ইয়াত বিনিয়োগৰ যথেষ্ট সম্ভাৱনা আছে। ৩০,০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক ভূমিত চৰকাৰে সম্ভাব্য বিনিয়োগকাৰীসকলক প্ৰচেছিং চেণ্টাৰ(সংসাধন কেন্দ্ৰ) স্থাপন কৰাত সহায় কৰিব। ইয়াৰ জৰিয়তে অঞ্চলটোৱে বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত বহুতো সুযোগ প্ৰদান পাব।” মিজোৰাম চৰকাৰৰ মুখ্য সচিব ড০ ৰেণু শৰ্মাই এক আশাব্যঞ্জক টোকা যোগ কৰি কয়, “এই বিনিয়োগ সন্মিলনে উঃ-পূবৰ ৰাজ্যসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে আৰু মিজোৰামে আগবঢ়োৱা প্ৰচুৰ প্ৰাকৃতিক সম্পদ আৰু বিনিয়োগৰ অপৰিসীম সম্ভাৱনা প্ৰদৰ্শনৰ সুযোগ পাই আমি আনন্দিত। এই কৰ্মশালাখন আমাৰ বহনক্ষম উন্নয়ন অভিযানৰ সকলো প্ৰচেষ্টা একত্ৰিত কৰা আৰু ফলপ্ৰসূ ফলাফল লাভ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।”