মোৰ ৰাজ্য জ্বলিছে! মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰলৈ আহ্বান মেৰী কমৰ…

71

বৃহস্পতিবাৰে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক সহায়ৰ বাবে আবেদন জনায় কিংবদন্তি বক্সাৰ এম চি মেৰী কমে। বুধবাৰে জনজাতীয় আন্দোলনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱা উত্তৰ-পূব ৰাজ্যখনত সেনা আৰু অসম ৰাইফলছৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ততাতৈয়াকৈ আহ্বান জনায় বক্সাৰ গৰাকীয়ে।

ভাৰতৰ প্ৰবীণ মহিলা বক্সাৰগৰাকীয়ে বৃহস্পতিবাৰে পুৱা টুইট কৰি কয়, ‘মোৰ ৰাজ্য জ্বলি আছে, অনুগ্ৰহ কৰি সহায় কৰক।’

হিংসাত্মক ঘটনাৰ ফটো শ্বেয়াৰ কৰাৰ সময়তে এম চি মেৰী কমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক টেগ কৰে। মেৰী কমে এটা ভিডিঅ’ও শ্বেয়াৰ কৰে য’ত তেওঁ কয়, ‘মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি মোৰ মনটো ভাল নহয়। যোৱা নিশাৰ পৰা পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক এই পৰিস্থিতিৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছো যাতে ৰাজ্যত শান্তি আৰু নিৰাপত্তাৰ পৰিৱেশ বিৰাজ কৰে।’

বক্সাৰ তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ মেৰী কমে আৰু কয়, ‘এই হিংসাত বহু লোকে পৰিয়ালৰ সদস্যক হেৰুৱাই পেলোৱাটো দুৰ্ভাগ্যজনক। এই পৰিস্থিতি অতি সোনকালে উন্নত হ’ব লাগে। ‘

প্ৰতিৰক্ষাৰ এগৰাকী মুখপাত্ৰই কয়, ‘ৰাতি ৰাজ্যৰ আৰক্ষীৰ সৈতে সেনা আৰু অসম ৰাইফলছ পঠিওৱা হৈছিল। পুৱাৰ পৰ্যন্ত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বাহিনীটোৱে।

এই পৰ্যন্ত চাৰি হাজাৰৰো অধিক লোকক বাহিনীয়ে হিংসাত্মক অঞ্চলৰ পৰা উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পতাকা সমদলৰ আয়োজন কৰা হৈছে।’

বুধবাৰে পুৱা অখিল আদিবাসী বিদ্যাৰ্থী পৰিষদ মণিপুৰে চুৰচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত ইম্ফল উপত্যকাত আধিপত্য বিস্তাৰ কৰা অজনজাতীয় মেইটেসকলক অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদা প্ৰদানৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে জনজাতীয় ঐক্য সমদল উলিয়ায়।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, এই সমাৱেশত হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে অংশ লৈছিল আৰু ইয়াৰ সময়ত জনজাতীয় আৰু অজনজাতিৰ মাজত কাজিয়া আৰম্ভ হৈছিল। পিছলৈ ই আন জিলাতো বিয়পি পৰে।