ঘৰৰ চাঁদত এজাক বান্দৰৰ আক্ৰমণ মৃত্যু ৪৫ বৰ্ষীয় ব্যক্তিৰ…

উত্তৰ প্ৰদেশৰ উছাৱান থানাৰ অধীনৰ নিৰঞ্জন নগলা গাঁৱত এজাক বান্দৰৰ আক্ৰমণত মৃত্যু এজন ৪৫ বছৰীয়া ব্যক্তিৰ।

নিহত ব্যক্তিজনৰ নাম দেশ ৰাজ বুলি জানিব পৰা গৈছে।

ব্যক্তিজনে ঘৰত আয়োজিত অনুষ্ঠানৰ ৰাহি খাদ্য ঘৰৰ চাদত বান্দৰক প্ৰদান কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।

তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উছাৱানৰ এছ এইচ অ’ ৰাবেন্দৰ সিঙে জনোৱা মতে, চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়, তাত উপস্থিত হোৱাৰ লগে লগে তেওঁক মৃত ঘোষণা কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *