টিকেএম ডিজাইন কৰা নতুন ইনোভা ক্ৰিষ্টা

টয়’টা কিৰ্লোস্কাৰ মটৰে (টিকেএম) আজি নিউ ইন’ভা ক্ৰিষ্টাৰ শীৰ্ষ দুটা গ্ৰেডৰ (জেডএক্স আৰু ভিএক্স) মূল্য প্ৰকাশ কৰিছে। বাহনখনত এক বৰ্ধিত ফ্ৰণ্ট ফেচিয়া আছে যিটো ৰাগড এণ্ড ৰবাষ্ট পৰিৱেশৰ বাবে নিৰ্দিষ্ট পছন্দসমূহ মনত ৰাখি ডিজাইন কৰা হৈছে, ইয়াৰ জৰিয়তে ভাৰতীয় পৰিয়াল, ব্যৱসায়ী আৰু কৰ্প’ৰেটৰ প্ৰয়োজনীয়তা পূৰণ কৰা হৈছে।

৫০,০০০/- টকাতে বুকিং কৰিব পাৰিব নিউ ইন’ভা ক্ৰিষ্টা। গ্ৰাহকে এতিয়া ডিলাৰ আউটলেটৰ লগতে অনলাইনত www.toyotabharat.comত বুকিং কৰিব পাৰিব। নিউ ইন’ভা ক্ৰিষ্টা ৪টা গ্ৰেড জি, জিএক্স, ভিএক্স এণ্ড জেডএক্স আৰু ৫টা ৰঙৰ বুকিঙৰ বাবে উপলব্ধ – ছুপাৰ হোৱাইট, এটিটিউড ব্লেক মাইকা, এভাণ্ট-গাৰ্ডে ব্ৰঞ্জ মেটালিক, প্লেটিনাম হোৱাইট পাৰ্ল আৰু ছিলভাৰ মেটালিক। এক্স-শ্ব’ ৰুমৰ মূল্য (গ্ৰেড) হৈছে ZX (7 S)ৰ মূল্য ২৫,৪৩,০০০ টকা, VX (8 S)ৰ মূল্য ২৩,৮৪,০০০টকা, VX FLT (8 S)ৰ মূল্য ২৩,৮৪,০০০টকা আৰু VX FLT (7 S)ৰ মূল্য ২৩,৭৯,০০০টকা।

এই সন্দৰ্ভত টয়’টা কিৰ্লোস্কাৰ মটৰৰ বিক্ৰী আৰু কৌশলগত বিপণনৰ ভাইচ প্ৰেচিডেণ্ট অতুল সুদে কয়, “বাহনখনত যাত্ৰীৰ সৰ্বোচ্চ সুৰক্ষা সুবিধা আছে আৰু আমি নিশ্চিত যে আমাৰ গ্ৰাহকসকলে এই বাহনখনৰ দ্বাৰা আগবঢ়োৱা বৰ্ধিত ড্ৰাইভিং অভিজ্ঞতাৰ উপভোগ কৰিব আৰু শলাগ ল’ব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *