চাঞ্চল্যকৰ! গেছ এজেন্সীৰ পৰা চোৰে চুৰি কৰি লৈ গ’ল ৩ শতাধিক এলপিজি চিলিণ্ডাৰ…

হাইলাকান্দিত চাঞ্চল্যকৰ চুৰি কাণ্ড। এটা গেছ এজেন্সীৰ পৰা চোৰে চুৰি কৰি লৈ গ’ল ৩০০ৰো অধিক এলপিজি গেছ চিলিণ্ডাৰ।

প্ৰাৰম্ভিক খবৰ অনুসৰি চিলিণ্ডাৰ চুৰিৰ খবৰ দিছিল হাইলাকান্দি জিলাৰ সোৰাছৰী গেছ এজেন্সীয়ে।

যোৱা নিশা সংঘটিত হোৱা এই চুৰি কাণ্ডত ৩৭০টা গেছ চিলিণ্ডাৰ চুৰি হোৱা বুলি আৰক্ষীয়ে জনায়।

ইফালে পঞ্চগ্ৰাম থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত চুৰিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

এই বৃহৎ চুৰি কাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *