জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক ৱাকায়ামা চহৰত দিয়া ভাষণৰ সময়ত তেওঁৰ ওপৰত ‘ধোঁৱা বোমা’ নিক্ষেপ কৰাৰ পিছত তেওঁক এটা স্থানৰ পৰা উলিয়াই অনা হয়।
কিয়’ডো সংবাদ সংস্থাকে ধৰি কেইবাটাও বাতৰিত কোৱা হৈছে যে “ধোঁৱা বোমা” নিক্ষেপ কৰা হৈছে যদিও সেই স্থানত আঘাত বা ক্ষতিৰ কোনো তাৎক্ষণিক লক্ষণ দেখা পোৱা নাই।
স্থানীয় নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থীক উৎসাহিত কৰিবলৈ ৱাকায়ামা প্ৰিফেকচাৰৰ চাইকাজাকি বন্দৰ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী কিছিদাই। শনিবাৰে বহিঃৰাজ্যত দিয়া ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কাষত পাইপ সদৃশ বস্তু নিক্ষেপ কৰা হয়।
খবৰ অনুসৰি ঘটনাস্থলীত বিস্ফোৰণৰ দৰে শব্দ শুনা যায়।
ইফালে এই ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীক নিৰাপদে উলিয়াই অনা হয়। সূত্ৰই জনোৱা মতে, তেওঁ বিস্ফোৰণস্থলীত আশ্ৰয় লৈ নিৰাপদ হৈ আছে।
আনহাতে, ঘটনা সংঘটিত হোৱা স্থানত সন্দেহজনক বুলি অনুমান কৰা এজন ব্যক্তিক আটক কৰি ৰখা হয়।
কিছিদাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেক প্ৰচাৰ ভাষণ দি থকাৰ সময়ত হত্যা কৰাৰ ৯ মাহৰ পাছত এই কাণ্ড সংঘটিত হৈছে।