তিনিচুকীয়াৰ আৱাসিক অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড…

শুকুৰবাৰে নিশা তিনিচুকীয়া জিলাৰ এটা আৱাসগৃহত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

তিনিচুকীয়াৰ চিৰাপুটিস্থিত ৰাজ টাৱাৰ নামৰ এটা অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

সূত্ৰ অনুসৰি, প্ৰথমে অট্টালিকাটোৰ নিৰাপত্তাৰক্ষীৰ কোঠাৰ পৰাই জুই লাগে। অট্টালিকাটোৰ নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, জ্বলি থকা মমবাতিৰ ফলত বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়।

ইফালে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) আৰু আৰক্ষীৰ জোৱানেও সেই স্থানত উপস্থিত হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ দলৰ অদম্য প্ৰচেষ্টাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অৱশ্যে এই ঘটনাত কোনো লোক হতাহতি বা আহত হোৱাৰ খবৰ পোৱা নাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *