ফ্ৰান্সে তাৰকা ষ্ট্ৰাইকাৰ কেলিয়ান এমবাপেক তেওঁলোকৰ দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে। এমবাপে প্ৰাক্তন অধিনায়ক হুগো লোৰিছৰ স্থান ল’ব। ৩৬ বছৰীয়া হুগোৱে ফিফা বিশ্বকাপৰ ফাইনেলত পৰাজিত হোৱাৰ পিছত যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লৈছিল। এমবাপে মাত্ৰ ২৪ বছৰ বয়সত দলটোক নেতৃত্ব দিব। তেওঁৰ দৃষ্টি এতিয়া অহা বছৰৰ ইউৰো কাপৰ ওপৰত থাকিব। ফ্ৰান্সৰ উপৰিও এমবাপে পেৰিছ ছেইণ্ট জাৰ্মেইনৰহৈও খেলে আৰু কিছু সময়ৰ পৰা সুন্দৰ ফৰ্মত বৰ্তি আছে। এমবাপে ফ্ৰান্সৰ প্ৰশিক্ষক ডিডিয়াৰ ডেশ্ব’ৰ সৈতে আলোচনাৰ পিছত অধিনায়কত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। টটেনহামৰ গ’লৰক্ষক হুগোৱে জানুৱাৰীত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সমাপ্ত কৰিছিল। ৩৬ বছৰীয়া লৰিছ এক দশকৰো অধিক সময় ধৰি ফ্ৰান্সৰ অধিনায়ক আছিল।
ডিচেম্বৰত আৰ্জেণ্টিনাৰ হাতত পৰাজিত হোৱাৰ পিছত মানচেষ্টাৰ ইউনাইটেডৰ চেণ্টাৰ বেক ৰাফেল ভাৰানেও উপ-অধিনায়কৰ পদ ত্যাগ কৰাৰ পিছত এটলেটিকো মাদ্ৰিদৰ তাৰকা ফৰৱাৰ্ড এণ্টোইন গ্ৰীজমেনক উপ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে। এমবাপে ফ্ৰান্সৰ হৈ ৬৬ খন খেল খেলিছে আৰু ৩৬ টা গ’ল কৰিছে। এমবাপেয়ে ২০১৮ চনত ফ্ৰান্সক বিশ্ব চেম্পিয়ন কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই বছৰৰ ফিফা বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সে পেনাল্টি শ্বুটআউটত আৰ্জেণ্টিনাৰ হাতত পৰাজিত হয়। অৱশ্যে, এমবাপেৰ প্ৰদৰ্শন সুন্দৰ আছিল আৰু তেওঁ তিনিটা গ’ল কৰিছিল। এমবাপে ফিফা বিশ্বকাপৰ শীৰ্ষ গ’ল অর্জনকাৰী আছিল। এমবাপেয়ে পিএছজিত উপ-অধিনায়কৰ ভূমিকাও পালন কৰে। ফ্ৰান্সৰ অধিনায়ক হিচাপে তেওঁৰ প্ৰথমখন খেল শুকুৰবাৰে অনুষ্ঠিত হ’ব। য’ত ফ্ৰান্সৰ দলটোৱে ইউৰো ২০২৪ ৰ যোগ্যতা অৰ্জনত নেডাৰলেণ্ডৰ মুখামুখি হ’ব।
ফ্ৰান্স ফুটবল দলৰ অধিনায়কৰূপে নিযুক্ত কেলিয়ান এমবাপে
