খালিস্তানী নেতা অমৃতপাল সিঙৰ ৪ সহায়কক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰিত…

ডিব্ৰুগড়লৈ অনা হৈছে পঞ্জাৱৰ খালিস্তানী সমৰ্থক নেতা অমৃতপাল সিঙৰ ৪ সহায়কক।

নিৰাপত্তাজনিত কাৰণৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হয় খালিস্তানী উগ্ৰপন্থী কেইজনক।

দেওবাৰে পুৱা বায়ু সেনাৰ বিশেষ বিমানেৰে খালিস্তানী সমৰ্থক কেইজনক কটকটীয়া নিৰাপত্তাৰ মাজেৰে ডিব্ৰুগড়লৈ অনা হয়।

উল্লেখ্য যে, আজনলা আৰক্ষী থানাত সংঘটিত আক্ৰমণৰ সন্দৰ্ভত শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে ৰাজ্যখনত ৱাৰিছ পঞ্জাব দেৰ বিৰুদ্ধে ব্যাপক তালাচী অভিযান চলাইছিল।

এই অভিযানৰ সময়তে পলাতক হৈ পৰে খালিস্তানী সংগঠনটোৰ মুৰব্বী অমৃতপাল সিং।

অন্যহাতে অমৃতপাল সিঙৰ ৭৮ জন সমৰ্থকক এই অভিযানকালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৯টা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে অমৃতপাল সিঙক আত্মসমৰ্পণৰ বাবে ইতিমধ্যে সকিয়নী প্ৰদান কৰিছে।

ইফালে ৰাজ্যখনত আৰক্ষীৰ এনে খালিস্তান বিৰোধী অভিযানৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিৰোধৰ বাবে ইতিমধ্যে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *