এছএছবি আৰু আৰণ্যকৰ নামনি অসমত কৰ্মশালা

পূব ভাৰতৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু সীমান্ত সুৰক্ষা সংস্থা সশস্ত্ৰ সীমা বলে (Sashastra Seema Bal) যুটীয়াভাৱে নামনি অসমত বন্যপ্ৰাণী অপৰাধৰ ওপৰত দুখনকৈ সজাগতা কৰ্মশালা অনুষ্ঠিত কৰে । ১১ মাৰ্চত ৬ষ্ঠ বেটেলিয়ন এছএছবি বিঅ’পিৰ দাদগিৰিত অনুষ্ঠিত কৰ্মশালাত ৩৫ জনতকৈও অধিক এছএছবি বিষয়া আৰু ৰয়েল ভূটান কৰ্তৃপক্ষৰ (Royal Bhutan Authority) দুজন জ্যেষ্ঠ বিষয়া কৰ্মশালাত অংশগ্ৰহণ কৰে । আনহাতে ১০ মাৰ্চত ৬৪ বেটেলিয়ন এছএছবি বৰমা শিবিৰত অনুষ্ঠিত কৰ্মশালাত এছএছবিৰ ৩০ জনতকৈও অধিক বিষয়া আৰু ৰয়েল ভূটান আৰক্ষীৰ (Royal Bhutan Police) দুজন বিষয়া অংশগ্ৰহণ কৰে । এই কৰ্মশালাত ৰঙিয়াৰ খণ্ড মুখ্য কাৰ্যালয়ৰ ডিআইজি শ্ৰীযুত জগদীপ পাল সিংও উপস্থিত আছিল ।

আৰণ্যকৰ বিশেষজ্ঞ ডঃ জিমি বৰা আৰু আইভি ফাৰহিন হুছেইনে দুয়োখন কৰ্মশালাত সম্পদ ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে । ড০ বৰাই আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু গোলকীয় ক্ষেত্ৰত বন্যপ্ৰাণী অপৰাধৰ বিভিন্ন বিষয়ত ব্যাপকভাৱে আলোচনা কৰে । তেওঁ উল্লেখ কৰে যে এছএছবিয়ে অবৈধ বন্যপ্ৰাণী সৰবৰাহ হ্ৰাস কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে আৰু এই জঘন্য অপৰাধ প্ৰতিৰোধ কৰিব পৰা বিভিন্ন উপায়ৰ বিষয়ে আলোচনা কৰে । আনহাতে শ্ৰীমতী হুছেইনে মানাহ লেণ্ডস্কেপৰ ওপৰত বিশেষ গুৰুত্ব দি স্থানীয় দৃষ্টিকোণত বন্যপ্ৰাণী অপৰাধৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰে । তেওঁ বন্য জীৱ-জন্তু যেনে বাঘ, হাতী, পেঙ্গোলিন, গঁড়, হিমালয়যেন ক’লা ভালুকৰ অবৈধ চোৰাং ব্যৱসায়ৰ বিষয়ে আলোচনা কৰে আৰু এছএছবিয়ে এই অপৰাধ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *