নেষ্টলে অপ্ট২উইন হৈছে বছৰটোৰ ভিতৰত চলিবলগীয়া এক বহুমুখী কাৰ্যসূচী

নেষ্টলে ইণ্ডিয়াই বিশ্ব মেদবহুলতা দিৱস উপলক্ষে নেষ্টলে অপ্টিফাষ্টৰ দ্বাৰা চালিত ‘অপ্ট২উইন’ শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰিছে। নেষ্টলে হেল্থ চাইন্সে কাৰ্যসূচীটোৰ জৰিয়তে সজাগতা বৃদ্ধি আৰু ইতিবাচক পদক্ষেপ লোৱাৰ বাবে কৌশলগত অংশীদাৰ, স্বাস্থ্য আৰু সুস্থতা প্লেটফৰ্ম আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলক সহায় কৰিছে।

অপ্ট২উইন হৈছে বছৰটোৰ ভিতৰত চলিব লগা এক বহুমুখী কাৰ্যসূচী। স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সৈতে ইয়াত অন্তৰ্ভুক্ত থাকিব বিভিন্ন অন গ্ৰাউণ্ড আৰু ডিজিটেল সক্ৰিয়কৰণ, সুস্থতা কাৰ্যসূচী আৰু ওজন ব্যৱস্থাপনা প্ৰটোকল।

 এই কাৰ্যসূচীৰ শুভাৰম্ভৰ বিষয়ে উল্লেখ কৰি নেষ্টলে ইণ্ডিয়া হেল্থ চাইন্সৰ মুৰব্বী মানসী খান্নাই কয়, “ভাৰতত মেদবহুলতা আৰু ওজন ব্যৱস্থাপনা প্ৰত্যাহ্বানৰ বৰ্ধিত সমস্যা সমাধানৰ বাবে অপ্ট২উইন কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। ই আমাৰ নেষ্টল অপ্টিফাষ্ট পৰিসৰৰ দ্বাৰা চালিত, যি হৈছে এক বৈজ্ঞানিকভাৱে বিকশিত আহাৰ প্ৰতিস্থাপন সামগ্ৰী, এনে বহুমুখী কাৰ্যসূচীয়ে আমাৰ চাৰিওফালৰ লোকসকলৰ জীৱনত কৰিব পৰা সাম্ভাব্য পাৰ্থক্যৰ সৈতে আমি যথেষ্ট উৎসাহিত।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *