এছাটি পচোৱা বতাহৰ সৈতে আকৌ আহিল ফাগুন ।
ফাগুন । এছাটি পচোৱা বতাহৰ সৈতে আকৌ আহিল ফাগুন । ফাগুন মানেই যেন লঠঙা গছৰ লঠঙা পাত । এই লঠঙা ডালতেই ফাগুন তুমি পলাশ, শিমলু, মদাৰ হৈ ফুলিছা । প্ৰকৃতিৰ বুকুত যৌৱন নমাই বসন্তৰ আন এক নাম হল ফাগুন । ফাগুন তুমি উন্মনা-উতনুৱা, চঞ্চলা তোমাৰ যৌৱন । ফাগুনৰ ৰঙেৰে উজ্জীৱিত এটা মাহ, ফাগুন মানেই যেন আশাৰ বতৰা । ৰঙা মদাৰে কঢ়িয়াই আনে প্ৰেমৰ খবৰ । উন্মনা ফাগুনে জীপাল কৰি তোলে লঠঙা গছৰ মাদকতা । ফাগুন বুলি কলেই যে এক শুকান শুকান পৰিবেশ । কিন্তু ইমানতেই যানো শেষ হয় ফাগুনৰ বৰ্ণনা । কবিৰ কবিতাতো ফাগুনৰ উশাহ । ফাগুন মানেই যেন ৰঙৰ সমাহাৰ । মদাৰ ,পলাশে যেনেকৈ ৰঙা কৰি তোলে আকাশ ঠিক সেইদৰে মনবোৰ কৰি তুলে নানান ৰঙেৰে উতলা । ফাগুনে লঠঙা কৰি যোৱা গছডালত কুঁহিপাত মেলিব, বসন্তৰ আগমন ঘটিব । সেই বাবেই কোৱা হয় ফাগুন মানেই যেন আশা, নানান ৰঙেৰে উজ্জীৱিত এটা মাহ । এই ফাগুনৰ কোলাতেই আগমন ঘটিছে ৰঙৰ উৎসৱ ফাকোৱাৰ ।এই ফাগুনেই কঢ়িয়াই আনে সৃষ্টি আৰু ধ্বংসৰ বতৰা । ফাগুনক লৈ কবিয়ে ৰচনা কৰিছে কত কবিতা । দুষ্ট ফাগুন, উন্মনা ফাগুন তুমি আকৌ আহিলা ।
