অন্তিমদিনাৰ নাট “বাগ্ৰুক গিৰ বিষ্ণুপ্ৰসাদ”ৰ সফল মঞ্চায়ন

চাৰিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা সোঁৱৰণী পঞ্চদশ বাৰ্ষিক জ্যোতিৰূপাৰ পূৰ্ণাংগ নাট সমাৰোহত সোমবাৰে মঞ্চস্থ হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনভিত্তিক নাটক “বাগ্ৰুক গিৰ বিষ্ণুপ্ৰসাদ”। ইতিপূৰ্বে নাথুৰাম গডছে, সুভাষ চন্দ্ৰ বসু, লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনভিত্তিক নাটকত নামভূমিকাত অভিনয় কৰা ডাঃ আলেখ্য বৰুৱাক এইবাৰ দেখা গ’ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰূপত। অনুৰূপা প্ৰডাকচনৰ প্ৰযোজনাত বিশিষ্ট নাট্যশিল্পী প্ৰভাত গোস্বামীয়ে পৰিচালনা কৰিছে নাটখনি। উল্লেখ্য যে “কলাগুৰু”ৰ নাম ভূমিকাত অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ ডাঃ আলেখ্য বৰুৱাই অভিনয় কৰাৰ উপৰি অন্যান্য মুখ্য চৰিত্ৰসমূহ অভিনয় কৰিছে ক্ৰমে প্ৰিয়ম পল্লৱী কাশ্যপ, অনিল হালৈ, পপী মহন্ত, দৰ্শন ভট্টাচাৰ্য, সমৰজ্যোতি ভড়ালী, প্ৰিম ৰৌজ শইকীয়া, উদ্দীপ্ত বৰগোঁহাই, মানস জ্যোতি শৰ্মা, সত্যজিৎ হাজৰিকা, ভৰত চাহু আদিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *