মহানগৰীত ৮ কোটি টকাৰো অধিক মূল্যৰ হেৰ’ইন জব্দ, ৩ জনক আটক

মহানগৰীৰ বশিষ্ঠত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।

বশিষ্ঠৰ নলাপাৰাত গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ১.০৫৬ কিলোগ্ৰাম হেৰ’ইন।

ইফালে এই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে তিনিজনকৈ লোকক।

পূৱ গুৱাহাটী আৰক্ষী জিলাৰ এটা দলে চলোৱা এক বিশেষ অভিযানত ৮৮টা চাবোনৰ বাকচত ভৰ্তি হেৰ’ইনখিনি জব্দ কৰা হয়।

লগতে AS01ES0766 আৰু AS01NC3769 নম্বৰৰ দুখন গাড়ীও জব্দ কৰা হৈছে।

গুৱাহাটী আৰক্ষীৰ তথ্য অনুসৰি তিনিজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত সৰবৰাহকাৰী কেইজনক আব্দুল ৰছিদ, মুজামিল হক আৰু মোঃ জামাল আলী বুলি চিনাক্ত কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *