কোটাক মহিন্দ্ৰা বেংক লিমিটেডে (KMBL/Kotak) ঘোষণা কৰিছে যে তেওঁলোকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) ডিজিটেল টকাৰ (e₹) প্ৰথম পৰ্যায় কাৰ্যকৰী কৰিছে। ডিজিটেল টকা জাৰী কৰাৰ বাবে এটা পাইলট প্ৰকল্প ৰূপায়ণ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা তালিকাভুক্ত কৰা আঠটা বেংকৰ ভিতৰত কে এম বি এল আছে। কে এম বি এল-য়ে আজি গ্ৰাহকসকলৰ বাবে কেন্দ্ৰীয় বেংক ডিজিটেল মুদ্ৰা (চি বি ডি চি.) মুকলি কৰিছে, য’ত খুচুৰা গ্ৰাহক আৰু ব্যৱসায় অন্তৰ্ভুক্ত আছে। চি বি ডি চি বেংক নোট আৰু মুদ্ৰাৰ দৰে একে, যি আৰ বি আই -ৰ দ্বাৰা ডিজিটেল ৰূপত জাৰী কৰা হয়।
ডিজিটেল টকাৰ ৱালেটটো ফিজিকেল ৱালেটৰ দৰে একে ধৰণে কাম কৰে কিন্তু ডিজিটেল ৰূপত আৰু এণ্ড্ৰইড অপাৰেটিং চিষ্টেম স্মাৰ্টফোনত ডাউনলোডৰ বাবে উপলব্ধ হ’ব। কে এম বি এল-এ মুম্বাই, দিল্লী আৰু আহমেদাবাদত পাইলট প্ৰকল্পক মুকলি কৰিব।
ডিজিটেল টকাৰ এপ ডাউনলোড কৰিবলৈ গ্ৰাহকসকলক ইমেইল/এছএমএছ প্ৰেৰণ কৰা হ’ব৷ কোটাক মহিন্দ্ৰা বেংকৰ অধ্যক্ষ তথা মুখ্য ডিজিটেল বিষয়া দীপক শৰ্মাই কয়, “ডিজিটেল টকাই ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগীক এক বৃহৎ উৎসাহ প্ৰদান কৰিব আৰু চিবিডিচিয়ে দেশৰ বিত্তীয় পৰিস্থিতিতন্ত্ৰৰ বাবে পৰিৱৰ্তন এজেণ্ট হিচাপে কাম কৰিব।”