বিজনীৰ ঝাৰবিষপানী দক্ষিণ খণ্ড দাওৰাইবাৰীত চাঞ্চল্যকৰ ঘটনা।কৃষ্ণ হৰিজন নামৰ এজন লোকৰ ঘৰ ভাঙি তহিলং কৰাৰ লগতে তিনিজনক গুৰুলা-গুৰুল প্ৰহাৰ দুষ্কৃতিকাৰীৰ। চিৰাং জিলাৰ বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত ঝাৰবিষপানী দক্ষিণ খণ্ড দাওৰাইবাৰীত চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।স্থানীয় কৃষ্ণ হৰিজন নামৰ এজন লোকৰ ঘৰত দুষ্কৃতিকাৰীয়ে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ঘৰ ভাঙি তহিলং কৰাৰ লগতে কৃষ্ণ হৰিজনৰ পৰিয়ালৰ তিনিজনক লাঠিৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি ঘৰৰ সকলো সামগ্ৰী উঠাই লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে।আক্ৰমণত কৃষ্ণ হৰিজনৰ পত্নী বাসন্তী হৰিজন গুপ্তাঙ্গত গুৰুতৰভাবে আঘাট পোৱাৰ লগতে কৃষ্ণ হৰিজনৰ ভাতৃ মনিলাল হৰিজন আৰু ভাই বোৱাৰী পূৰ্ণিমা হৰিজন গুৰুতৰভাবে আহত হয়। ঘটনাটো বিগত পহিলা ফেব্ৰুৱাৰীৰ সন্ধিয়া আনুমানিক সাত মান বজাৰ।প্ৰাপ্ত অভিযোগ অনুসৰি ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া কৃষ্ণ হৰিজন নামৰ লোকজন ঘৰত অনুপস্থিত থকা অৱস্থাত হঠাৎ এটা দুষ্কৃতিকাৰীৰ দল উপস্থিত হৈ কৃষ্ণ হৰিজনৰ ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ঘৰ ভাঙিবলৈ আৰম্ভ কৰে।ফলত দুষ্কৃতিকাৰীৰ দলটোক বাধা দিবলৈ আগবাঢ়ি অহাত পত্নী বাসন্তী হৰিজনক লাঠিৰে আক্ৰমণ কৰাৰ উপৰিও গুপ্তাঙ্গত আক্ৰমণ কৰে দুষ্কৃতিকাৰীৰ দলটোৱে।পৰৱৰ্তী কৃষ্ণ হৰিজনৰ ভাতৃ মনিলাল হৰিজন আৰু পূৰ্ণিমা হৰিজনকো আক্ৰমণ কৰে দুষ্কৃতিকাৰীৰ দলটোৱে।পাছত ঘটনা সংক্ৰান্তত কৃষ্ণ হৰিজনে স্থানীয় জয়দেৱ সৰকাৰ, দীলিপ মণ্ডল, ৰাকেশ মণ্ডল আৰু সনাতন মণ্ডলৰ বিৰুদ্ধে পাণবাৰী থানাত এজাহাৰ দাখিল কৰে।ঘটনা সংক্ৰান্তত অভিযুক্ত দুষ্কৃতিকাৰীৰ দলটোক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
এইক্ষেত্ৰত আজি ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ কৰ্মী শুভংকৰ ঘোষ ঘটনাস্থলিত উপস্থিত হৈ প্ৰশাসনক ঘটনাটোৰ বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰে।