বাল্য বিবাহৰ গোচৰত পিতৃক গ্ৰেপ্তাৰৰ ভয়ত আত্মহত্যা দুই সন্তানৰ মাতৃ বিধৱা মহিলাৰ…

বাল্যবিবাহৰ গোচৰৰ দমনৰ মাজতে পশ্চিম অসমৰ দক্ষিণ শালমৰা মানকাচৰ জিলাত আত্মহত্যা কৰি এগৰাকী যুৱতী বিধৱাই মৃত্যুক সাৱটি লয়।

খুছবু বেগম নামৰ নিহত মহিলাগৰাকী দুটি সন্তানৰ মাতৃ আছিল।

পিতৃৰ বাসগৃহৰ চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে।

শুকুৰবাৰে নিশা দক্ষিণ শালমৰা-মানকাচৰ জিলাত সংঘটিত হয় এই ঘটনা।

খবৰ অনুসৰি মহিলাগৰাকীয়ে নাবালক অৱস্থাতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁৰ বিবাহৰ সুবিধা প্ৰদান কৰাৰ বাবে পিতৃক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশংকা কৰিছিল।

২০১২ চনত এগৰাকী মজিব মিয়াক বিয়া কৰাইছিল মহিলাগৰাকীয়ে। ২০২০ চনত কোভিড মহামাৰীৰ বাবে স্বামীৰ মৃত্যু হয়।

এক সুকীয়া ঘটনাত আফৰোজা খাতুন নামৰ এগৰাকী ২৩ বছৰীয়া মহিলাই গোলকগঞ্জ থানাত উপস্থিত হৈ স্বামী আৰু পিতৃক মুকলি কৰি নিদিলে আত্মহত্যাৰ ভাবুকি দিয়ে।

বাল্য বিবাহৰ গোচৰ দমন কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে খাতুনৰ স্বামী আৰু পিতৃক আৰক্ষীয়ে আটক কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *