যোশীমঠৰ পিছত এইবাৰ ফাট মেলিছে জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ কেইবাটাও অট্টালিকাত।
জিলাখনৰ ৬ টা বহু মহলীয়া অট্টালিকাত ইতিমধ্যে দেখা দিছে বৃহৎ ফাট।
ডোডাৰ এছডিএম অথৰ আমিন জাৰ্গাৰে কয় যে ফাট বাঢ়িবলৈ আৰম্ভ কৰিছে।
“এই অঞ্চলটো ক্ৰমান্বয়ে ডুব গৈ আছে। চৰকাৰে অতি সোনকালে সমাধান বিচাৰিবলৈ চেষ্টা কৰিছে।”-জাৰ্গাৰে লগতে কয়।