সৰ্বানন্দ সোনোৱালৰ লগতে ঘূৰি ফুৰা বিজেপিৰ নেতা ডিপু ৰঞ্জণ মাক্ৰাৰীৰ শ শ কোটি টকীয়া কেলেংকাৰী
ৰাজ্য কঁপোৱা উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাজাৰ কোটি টকীয়া বিয়াগোম কেলেংকাৰীৰ পাছত আন এক স্বায়ত্তশাসিত পৰিষদত বৃহৎ কেলেংকাৰী। এইবাৰ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদত বিয়াগোম কেলেংকাৰী।
পৰিষদত শ শ কোটি টকাৰ বৃহৎ কেলেংকাৰী অভিযোগ উত্থাপন সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ।
পূৰ্বৰ মুখ্য কাৰ্য্যবাহী সদস্যা দিপুৰঞ্জন মাক্ৰাৰীৰ দিনত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সংঘটিত হৈছিল এটা পাছত এটাকৈ কোটি কোটি টকাৰ ব্যাপক দুৰ্নীতি।
ইফালে এই দিশত অব্যাহত আছে CID তদন্ত।
কিন্তু তদন্তৰ আউতালৈ অহা নাই দিপুৰঞ্জন মাক্ৰাৰী। আজিও মুকলি আকাশ তলত সৰ্বানন্দ সোনোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত মাক্ৰাৰী।
দিপুৰঞ্জন মাক্ৰাৰীক অতি সোনকালে গ্ৰেপ্তাৰৰ দাবি উত্থাপন কৰি আজি ডিব্ৰুগড়ৰ চৌকি়দিঙ্গিত সোণোৱাল কছাৰী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।
অতি সোনকালে এই দিশত ব্যৱস্থা গ্ৰহন নকৰিলে জঙ্গী আন্দোলন হুংকাৰ প্ৰদান কৰিলে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই