ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত শিৱ থাপা

বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অসমৰ শিৱ থাপা আৰু ২০১৮ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী সেনাৰ মনীষ কৌশিকে ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত ৬৩.৫ ওজন শ্ৰেণীৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ২০১৮ ৰ কমনৱেলথ গেমছত স্বৰ্ণ পদক বিজয়ী গৌৰৱ চোলাঙ্কি (৬০)ক ৰে’লৱেৰ ভাৰিন্দৰ সিঙে পৰাজিত কৰি অন্তিম চাৰিখনলৈ অগ্ৰসৰ হয়।
সেনাৰ মহম্মদ হুচামুদ্দিন (৫৭) আৰু ৰে’লৱেৰ ৰোহিত টোকাছ (৬৭), গৌৰৱ চাহনী (৪৮), সুমিত (৭৫)য়েও তেওঁলোকৰ ওজন শ্ৰেণীত ছেমি ফাইনেলত প্ৰৱেশ কৰে। শিৱই পঞ্জাৱৰ আশুতোষক পৰাস্ত কৰে আৰু মনীষে মণিপুৰৰ ৰোহিত সিঙক ৫-০ ত পৰাস্ত কৰে। ছেমি ফাইনেলত দুয়োজন বক্সাৰে মুখামুখি হ’ব।
গৌৰৱক পৰাস্ত কৰা ভাৰিন্দৰে ছেমি ফাইনেলত উত্তৰ প্ৰদেশৰ সুনীল চৌহানৰ মুখামুখি হ’ব। হুচামুদ্দিনে উত্তৰ প্ৰদেশৰ মনীষ ৰাথোড়ক পৰাস্ত কৰে আৰু গোবিন্দ সাহানীয়ে একেখন ৰাজ্যৰ বিকাশ সিঙক ৫-০ ব্যৱধানত পৰাস্ত কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *