ডিচেম্বৰত বাংলাদেশ ভ্ৰমণৰ বাবে ভাৰতৰ টেষ্ট আৰু এদিনীয়া দললৈ উভতি আহিছে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা । বিচিচিআইয়ে সোমবাৰে এই কথাৰ ঘোষণা কৰে। এছিয়া কাপৰ সময়ত জাদেজা আঘাতপ্ৰাপ্ত হৈছিল। আঁঠুৰ অস্ত্ৰোপচাৰৰ পিছত বিশ্ৰামত আছিল, যাৰ বাবে তেওঁক টি-২০ বিশ্বকাপ দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহেও পিঠিৰ আঘাতৰ বাবে টি-২০ বিশ্বকাপৰ পৰা বঞ্চিত হৈছে, যদিও বাংলাদেশ ভ্ৰমণৰ বাবে তেওঁক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই। দুখন টেষ্ট শৃংখলাৰ বাবে হনুমা বিহাৰীক দলৰ পৰা বাদ দিয়া হৈছে। আনহাতে শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা বাদ পৰা আজিংক্য ৰাহানে এতিয়াও দললৈ উভতি অহা নাই। ভাৰতে ৪, ৭ আৰু ১০ ডিচেম্বৰত মিৰপুৰত ৩খন এদিনীয়া খেলৰ সৈতে বাংলাদেশ ভ্ৰমণ আৰম্ভ কৰিব, তাৰ পিছত চট্টগ্ৰাম (১৪-১৮ ডিচেম্বৰ) আৰু মিৰপুৰত (২২-২৬ ডিচেম্বৰ) দুখন টেষ্ট অনুষ্ঠিত হ’ব। ভাৰতৰ টেষ্ট দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), শুভমান গিল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, ঋষভ পণ্ট (উইকেট-ৰক্ষক), কে এছ ভাৰত (উইকেট-ৰক্ষক), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্সাৰ পেটেল, কুলদীপ যাদৱ, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, মহম্মদ চিৰাজ, উমেশ যাদৱ। ভাৰতৰ এদিনীয়া দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), শিখৰ ধাৱান, বিৰাট কোহলী, ৰজত পাতিদাৰ, শ্ৰেয়াছ আয়াৰ, ৰাহুল ত্ৰিপাঠী, ঋষভ পণ্ট (উইকেট-ৰক্ষক), ঈশান কিষাণ (উইকেট-ৰক্ষক), ৰবীন্দ্ৰ জাদেজা, অক্সাৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, মহম্মদ চিৰাজ, দীপক চাহাৰ, যশল দয়াল।
বাংলাদেশ ভ্ৰমণকলৈ এদিনীয়া-টেষ্ট দল ঘোষণা
