উত্তৰ পূবৰ ভিতৰত সবাতকৈ ব্যস্ততাপূৰ্ণ বিমানকোঠ হিচাপে পৰিগণিত হোৱা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত সম্প্ৰতি যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সেৱাৰ সংযোগ কৰা হৈছে। তাৰ ভিতৰত অন্যতম জৰুৰীকালীন সেৱা হিচাপে বিমানকোঠত ২৪ ঘন্টাই উপলব্ধ হব পৰাকে দুখনকৈ ঔষধৰ ফাৰ্মাচী তথা বিপণিৰ কালিৰে পৰা শুভাৰম্ভ কৰা হৈছে। বিপণি দুখন শুভাৰম্ভ কৰি মুখ্য অপাৰেটিং বিষয়া স্নেহাশীষ দত্তই কয় যে “আমাৰ বাবে যাত্ৰীৰ সুৰক্ষা আৰু আৰাম অতি গুৰুত্বপূৰ্ণ। তেনেস্থলত যাত্ৰীয়ে যাতে বিমানকোঠৰ পৰা আহোতে-যাঁওতে কোনো ধৰণৰ অসুবিধা নাপায়, তাৰ বাবে আমি অৰ্হনিশে ঔষধৰ ব্যবস্থা ৰাখিবলৈ এই দুখন বিপণিৰ শুভাৰম্ভ কৰিছোঁ। আশা কৰিছো ওষধৰ বিপনী দুখনে যাত্ৰীৰ লগতে বিমানকোঠলৈ অহা লোকসকলক কিছু হলেও উপকৃত কৰিব । অনুষ্ঠানত গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড চমুকৈ জি আই এ এলৰ কেবাজনো বিষয়া – কৰ্মচাৰী উপস্থিত থাকে।
বৰঝাৰ বিমানকোঠত ২৪ ঘণ্টাই ঔষধৰ সুবিধাযুক্ত ফাৰ্মাচী মুকলি
