গুৱাহাটী বিশ্ববিদ্যালয়ত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মবাৰ্ষিকী উদযাপন

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ  গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্ৰাৱাস প্ৰাংগণত ৮ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্ৰাৱাস আৰু ইন্দিৰা মিৰি ২নং দুমহলীয়া ছাত্ৰীনিৱাসৰ যৌথ উদ্যোগত বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মবার্ষিকী উলহ-মালহেৰে উদযাপন কৰা হয়। লগতে সুধাকন্ঠৰ জন্মবাৰ্ষিকীৰ সংগতি ৰাখি ভূপেন্দ্ৰ সংগীত আৰু ভূপেন হাজৰিকাৰ গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্ৰাৱাসৰ অধীক্ষক ড° প্ৰাঞ্জল শইকীয়াৰ দ্বাৰা সুধাকন্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ পিছতে পৰিবেশন কৰা হয় বিশ্ববিদ্যালয়ৰ সংগীত ‘জিলিকাব লুইতৰে পাৰ’। তাৰপিছত অনুষ্ঠানটোৰ মঞ্চ আনুষ্ঠানিকভাবে উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ  কাকতিয়ে । চমু ভাষণত ডঃ কাকতিয়ে  সুধাকন্ঠৰ গুণ-গৰিমাৰ লগতে মহানুভৱতাৰ বিষয়ে চমুকৈ আলোকপাত কৰে।

অনুষ্ঠানটিত ভূপেন্দ্ৰ সংগীত আৰু দলীয় নৃত্য প্ৰতিযোগিতাৰ বিচাৰকৰূপে উপস্থিত থাকে ক্ৰমে অসমৰ স্বনামধন্য সংগীত পৰিচালক তথা সুৰকাৰ মৃণালকান্তি মেধি, ড° প্ৰাঞ্জল শইকীয়া, জয়জিৎ কাশ্যপ আৰু দেৱীতৃষ্ণা দাস। বিশ্ববিদ্যালয়ৰ ভালেমান সংখ্যক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ আজুৰিবলৈ সক্ষম হয় যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছেমচন ইংতিয়ে। আনহাতে, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে পূজা কলিতা আৰু জুবলী বৰাই। লগতে সংগীত প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হয় ঋষভজ্যোতি কাথাৰে।

ইয়াৰ পিছতে দলীয় নৃত্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয় যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ দলে। দলটোৰ সদস্য সকল আছিল- অজয় সৰকাৰ, স্নেহা পুৰকায়স্থ আৰু লিজা ঠাকুৰীয়া। প্ৰতিযোগিতাত দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে কনকলতা বৰুৱা ৭নং তিনিমহলীয়া ছাত্ৰীনিৱাস আৰু প্ৰতিমা বৰুৱা পাণ্ডে ৬নং তিনিমহলীয়া  ছাত্রীনিৱাসৰ দলে। দলীয় নৃত্য প্ৰতিযোগিতাটো বিচাৰকৰ বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হয় ‘শৰতৰ শেৱালি’ শীর্ষক দলটোৱে । জাতীয় সংগীতৰে অনুষ্ঠানটিৰ  সামৰণি মৰা হয় ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *