“শিক্ষক দিৱস”ৰ দৰে গুৰুত্বপূৰ্ণ দিনটোতে ধেমাজি জিলাৰ গোগামুখৰ ৰাজেন বণিয়া নামৰ শিক্ষকজনে দীৰ্ঘদিনীয়া বঞ্চনাৰ সন্মুখীন হৈ অত্মহত্যাৰ পথ বাচি ল’বলগীয়া হৈছে। এই হৃদয়বিদাৰক ঘটনাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু এয়া চৰকাৰৰ শিক্ষা আৰু শিক্ষক বিৰোধী নীতিৰ পৰিনামৰ ফলত হোৱা এক হত্যাকাণ্ড বুলি অভিহিত কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰী সকলক দীৰ্ঘদিনে বঞ্চনা কৰি আহিছে। শিক্ষক, যুৱ-ছাত্ৰকে ধৰি কোনো সংগঠনৰ প্ৰতিবাদকে ভ্ৰুক্ষেপ নকৰি চৰকাৰৰখনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ নকৰে বুলি ৰাজহুৱা ঘোষণা কৰিছে। দীৰ্ঘদিনে এটকা মাননি নোপোৱাকৈ শিক্ষাদানৰ দৰে মহান কামত ব্যস্ত থকা শিক্ষাগুৰুসকল স্বাভাৱিকতে হতাশ হৈ পৰিছে। ইয়াৰে পৰিনাম হিচাপে ৰাজেন বণিয়াই আত্মহত্যা কৰিছে। প্ৰতিবছৰেই ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে হয় আত্মহত্যা কৰিছে নহয় বিনা চিকিৎসাই মৃত্যুমুখত পৰিবলগীয়া হৈছে। ইমানৰ পাছতো চৰকাৰে বিষয়টোৰ গভীৰতা উপলদ্ধি কৰিব নোৱাৰাটো অতি পৰিতাপৰ বিষয়। দেশৰ পাচখন ৰাজ্যৰ ভিতৰত এখনলৈ উন্নীত কৰাৰ শ্লোগান দিয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত শিক্ষকৰ আত্মহত্যাৰ ঘটনাই উন্নয়ণ আৰু “চব কা চাথ চকা বিকাশ”ৰ আচল স্বৰূপ উদঙাই দিছে।
ডি ৱাই এফ আইয়ে দাবী কৰিছে এনেদৰে হত্যাৰ বলি হ’বলগীয়া শিক্ষকসকলৰ ক্ষেত্ৰত আৰ্থিক সাহায্য দিয়াৰ লগতে বাকী থকা সকলো অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰিবলৈ দাবী কৰিছে।