বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ জিলাৰ হেঙেৰাবাৰী প্ৰখণ্ডৰ কৃষ্ণনগৰ জাপৰিগোগ খণ্ডৰ অন্তৰ্গত দুটি সংস্কাৰ চালা উদ্ধোধন কৰা হয়। এই উপলক্ষে কৃষ্ণ নগৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আয়োজিত উদ্ধোধনী সভা খনত সভাপতিত্ব কৰে প্ৰদীপ শৰ্মাই ।বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ জিলাৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে অনুষ্ঠানত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সম্পাদক শ্ৰী পল্লৱ পৰাশৰ আৰু নামঘৰ মঠ মন্দিৰ প্ৰমুখ গোপাল কাফ্লে, প্ৰাঞ্জল শইকীয়া তথা কৃষ্ণ নগৰ খণ্ডৰ মনোৰঞ্জন বৰ্মন প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল।আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাঞ্জল শইকীয়াই।
সংস্কাৰ চালাৰ বিষয়ে বিশদ ভাবে ব্যাখ্যা কৰে উত্তৰ পূব প্ৰান্তৰ সম্পাদক পল্লব পৰাশৰে। এই সংস্কাৰ চালা দুটিৰ আচাৰ্য হিচাপে নিযুক্ত দিয়া হয় ক্ৰমে মনোমাতি চক্ৰৱৰ্তী, অনুসৰি শৰ্মা, প্ৰণমি কলিতা বৈশ্য আৰু হিয়াস্মিত শইকীয়া।