৪ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

 হংকঙৰ বিৰুদ্ধে পাকিস্তানৰ বৃহৎ জয়ৰ পিছত এছিয়া কাপৰ ছুপাৰ ৪-ত স্থান নিশ্চিত কৰিছে। শুকুৰবাৰে বাবৰ আজমৰ দলে হংকঙৰ বিৰুদ্ধে ১৫৫ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।ছুপাৰ ৪-ত পাকিস্তানৰ পূৰ্বে, ভাৰত, আফগানিস্তান আৰু শ্ৰীলংকাই যোগ্যতা অৰ্জন কৰিছে। আনহাতে, বাংলাদেশ আৰু হংকং প্ৰথম লেগত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে, কিয়নো তেওঁলোকে এখনো মেচ জিকিবলৈ সক্ষম নহয়। গ্ৰুপ এ-ৰ পৰা ভাৰত আৰু পাকিস্তানে ছুপাৰ ৪-ৰ বাবে যোগ্যতা অৰ্জন কৰিছে, আনহাতে গ্ৰুপ বি-ৰ পৰা আফগানিস্তান আৰু শ্ৰীলংকাই পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰিছে। গ্ৰুপ পৰ্যায়ত ভাৰত আৰু আফগানিস্তান অপৰাজিত হৈ আছে। ছুপাৰ ৪-ৰ চাৰিটা দলৰ নাম স্পষ্ট হোৱাৰ পিছত চূড়ান্ত সময়সূচীও ওলাই পৰিছে। এই পৰ্যায়ত, সকলো দলে ৰাউণ্ড ৰবিন আধাৰত প্ৰতিটো দলৰ বিৰুদ্ধে এখন কৈ মেচ খেলিব লাগিব। ছুপাৰ ৪-ত প্ৰথমখন মেচ আজি শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হয়। আনহাতে ভাৰতে কাইলৈ চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব। ৬ ছেপ্টেম্বৰত পুনৰ ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে মুখামুখি হ’ব। আনহাতে, ৭ ছেপ্টেম্বৰত পাকিস্তানে আফগানিস্তানৰে মুখামুখি হোৱাৰ বিপৰীতে ৮ ছেপ্টেম্বৰত ভাৰতে আফগানিস্তানৰে আৰু ৯ ছেপ্টেম্বৰত শ্ৰীলংকাই পাকিস্তানৰে মুখামুখি হ’ব। ছুপাৰ ৪-ৰ সকলো বোৰ মেচ ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ’ব, আনহাতে টছ সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ শীৰ্ষ দুটা দলে ফাইনেলত প্ৰৱেশ কৰিব। প্ৰতিযোগিতাখনৰ অন্তিম খন খেল ১১ ছেপ্টেম্বৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *