৫ ছেপ্তেম্বৰত ৰাজ্যজুৰি অসম তৃণমূল কংগ্ৰেছৰ ‘শিক্ষাগুৰু সম্বৰ্দ্ধনা’ কাৰ্যসূচী

শিক্ষক দিৱসত অসম তৃণমূল কংগ্ৰেছ দলে এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। এই পৰিকল্পনাৰ অধীনত ৫ ছেপ্তেম্বৰত ৰাজ্যজুৰি পালন কৰিব ‘শিক্ষাগুৰু সম্বৰ্ধনা’ কাৰ্যসূচী। সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত  অসম তৃণমূল কংগ্ৰেছৰ এটি দলে মহানগৰীৰ কেইবাগৰাকীও শিক্ষকৰ বাসগৃহলৈ গৈ সম্বৰ্ধনা প্ৰদান কৰিব। আনহাতে ২৪ খন জিলাত জিলা সভাপতিসকলে শিক্ষাগুৰুসকলৰ বাসগৃহলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰিব। এই কাৰ্যসূচী সফল কৰিবলৈ সভাপতি ৰিপুণ বৰাই ৰাইজৰ সহযোগিতা কামনা কৰিছে। এক বিবৃতিত সভাপতি বৰাই কয়,’ শিক্ষকসকল আমাৰ সমাজৰ মেৰুদণ্ড স্বৰূপ। তেওঁলোকে অশেষ কষ্ট কৰি বিলোৱা জ্ঞানৰ আলোকত উজ্জ্বল হয় সমাজ। সুস্থ শিক্ষাৰ পৰাই সুস্থ সমাজ গঢ়াৰ পথ সুগম হয়। মহান শিক্ষাগুৰুসকলে সেই কাম নিষ্ঠাৰে পালন কৰি গঢ় দিছে মানৱ সম্পদ। সেই শিক্ষাগুৰুসকলে প্ৰতিদানত কেতিয়াও একো নিবিচাৰে। কিন্তু আমি কৃতজ্ঞতাস্বৰূপে প্ৰেৰণাৰ প্ৰতীক শিক্ষাগুৰুসকলৰ কাষত থিয় হোৱা উচিত। সেয়ে অসম তৃণমূল কংগ্ৰেছৰ এই ‘শিক্ষাগুৰু সম্বৰ্ধনা’ কাৰ্যসূচীৰ পৰিকল্পনা।’ তেওঁ দলীয় সতীৰ্থসকলক এই কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *