নেডাৰলেণ্ডৰ বিৰুদ্ধে ৩-০ত এদিনীয়া শৃংখলা দখল পাকিস্তানৰ

পাকিস্তানে অধিনায়ক বাবৰ আজমৰ (৯১) অৰ্ধশতকৰ পিছত নাছিম শ্বাহ (৫ উইকেট) আৰু মহম্মদ ৱাছিম (৪ উইকেট)ৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সহায়ত তৃতীয় আৰু অন্তিম এদিনীয়াত নেডাৰলেণ্ডক ন ৰানত পৰাস্ত কৰি দেওবাৰে ইয়াত ৩-০ত শৃংখলা দখল কৰে। টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত পাকিস্তানে ৪৯.৪ অভাৰত ২০৬ ৰানত অলআউট হয়, অধিনায়ক আজমৰ ১২৫ টা বলত ৭টা চাৰি আৰু দুটা ছয়েৰে অৰ্ধশতক অৰ্জন কৰাৰ উপৰিও ফখৰ জামানে ২৬ আৰু মহম্মদ নৱাজে ২৭ ৰানৰ অৱদান আগবঢ়ায়। ইয়াৰ পিছত পাকিস্তানৰ বলাৰসকলে নেডাৰলেণ্ডক ৪৯.২ অভাৰত ১৯৭ ৰানত অলআউট কৰি দলটোৱে জয় লাভ কৰে।

পাকিস্তানৰ নাছিম শ্বাহে ৩৩ ৰানত পাঁচটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ ৱাছিমে ৯.২ অভাৰত ৩৬ ৰানত চাৰিটা উইকেট দখল কৰে। নেডাৰলেণ্ডৰ অপেনাৰ বিক্ৰমজিৎ সিঙৰ (৫০ ৰান) আৰু টম কুপাৰ (৬২ ৰান)ৰ অৰ্ধশতকেও দলটোক জয়ৰ দিশে লৈ যাব নোৱাৰিলে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *