১৫ আগষ্টত আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি,অমৃত নিউজ আৰু জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ উদ্যোগত মহানগৰীৰ কটন এলমনাই প্ৰেক্ষাগৃহত ২০২২বৰ্ষৰ আদৰ্শ জননী বঁটা সমাজকৰ্মী সুৰভি কলিতাক আৰু অমৃত প্ৰবাহ সাংবাদিকতা বটা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক প্ৰদান কৰা হয়৷
আন্তৰ্জাতিক খেলুৱৈ তথা প্ৰেছ ক্লাব অসমৰ সভাপতি কৈলাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ স্মৰণ কৰাৰ লগতে বন্তি প্ৰজ্বলন, মাল্যৰ্পন কৰি সভাৰ আনুষ্ঠানিকতাৰ শুভাৰম্ভ কৰে৷
সাংবাদিক দৰ্শনা বৰুৱাই আতঁধৰা এই বঁটা প্ৰদান অনুষ্ঠানত এইবৰ্ষৰ “আদৰ্শ জননী বঁটা” নিজহাতে গ্ৰহণ কৰে কমলপুৰ সমষ্টিৰ অন্তৰ্গত শিংৰাৰ সুৰভি কলিতাই৷উক্ত
বঁটাটি প্ৰদান কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোনোৱাল, শিক্ষাবিদ তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড°দয়ানন্দ পাঠক,অসম লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্প্ৰাই, প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া দেৱজ্যোতি হাজৰিকা, পদ্মশ্ৰী ড°সুৰ্য হাজৰিকা, অমৃত নিউজৰ পৰিচালন সম্পাদক হীৰেন চন্দ্ৰ কলিতাই৷
বঁটা গ্ৰহণ কৰি সুৰভি কলিতাই নিজৰ অনুভৱ ব্যক্ত কৰে আৰু আদৰ্শ জননী বঁটা পাই সন্তোষ প্ৰকাশ কৰি উদ্যোক্তাক কৃতজ্ঞতা প্ৰকাশ কৰে৷
অমৃত প্ৰবাহ সাংবাদিকতা বঁটা লাভ কৰে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে৷ গোস্বামী বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ সহধৰ্মিনী মৌচুমী গোস্বামীয়ে বটা গ্ৰহন কৰে৷ দুয়োগৰাকী বঁটা প্ৰাপকক ফুলাম গামোচা,জাপি,অংগবস্ত্ৰ,মানপত্ৰ,স্মাৰক আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয়৷
অমৃত প্ৰবাহ কাকতৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে অমৃত প্ৰবাহ কাকতৰ বিশেষ সংখ্যা উন্মোচন কৰে তথ্য আৰু জনসংযোগৰ সচিব নীৰা গগৈ সোনোৱালে আৰু সহযোগ কৰে ৰাজেশ কেম্প্ৰাই, দেৱজ্যোতি হাজৰিকা, ড°দয়ানন্দ পাঠক,কৈলাস শৰ্মা,অমৰ কাশ্যপ আৰু হীৰেন চন্দ্ৰ কলিতাই৷
সভাত কেইবাজলো বিশিষ্ট লোকক সমাজৰ অনবদ্য অৱদানৰ স্বীকৃতিৰূপে “বিশেষ ব্যক্তি বিশেষ সন্মান” প্ৰদান কৰে৷
তদুপৰি অন্যতম উদ্যোক্তা তথা অমৃত প্ৰবাহ কাকতৰ মুখ্য সম্পাদক মৃণালিনী দেৱীয়ে সুদুৰ লণ্ডনৰ পৰা ভাৰ্চুৱেলি বক্তব্য প্ৰদান কৰে৷
এই অনুষ্ঠানত কেইবাজনো ব্যক্তিক গামোচাৰে আদৰণী জনোৱাৰ লগতে
“অ’ মোৰ আপোনাৰ দেশ” জাতীয় সংগীতেৰে সভাৰ সামৰনি পৰে বুলি সম্পাদক কুমুদ বড়োৱে প্ৰকাশ কৰিছে ৷