কমনৱেলথ গেমছৰ ২০০ মিটাৰত পদক জয় স্বপ্ন ভংগ হিমাৰ

কমনৱেলথ গেমছ ২০২২ত হিমা দাসে কোনো পদক জিকিবলৈ সক্ষম হোৱা নাই। কমনৱেলথ গেমছ ২০২২ৰ ২০০ মিটাৰ দৌৰত ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে। য’ত তেওঁক পদকৰ বাবে প্ৰবল দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল, তাতে তেওঁ মাত্ৰ এক ছেকেণ্ডৰ ব্যৱধানত পিছ পৰি ফাইনেলত স্থান নিশ্চিত কৰিব নোৱাৰিলে। ২০০ মিটাৰ দৌৰৰ অন্তিম ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ তেওঁ নিজৰ হিটৰ প্ৰথম দুজন খেলুৱৈৰ ভিতৰত থাকিব লাগিছিল। হিমা দাসে ইয়াৰ বাবে নিজৰ সকলো শক্তি প্ৰয়োগ কৰিছিল, কিন্তু শেষত তেওঁ ০.০১ ছেকেণ্ডত পিছ পৰি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। হিমাই ২০০ মিটাৰ দৌৰ ছেমি ফাইনেলত ২৩.৪২ ছেকেণ্ডত সম্পন্ন কৰিছিল। অৱশ্যে, তেওঁ নিজৰ হিটত তৃতীয় স্থান লাভ কৰিছিল আৰু ফাইনেলত স্থান হেৰুৱাইছিল। অষ্ট্ৰেলিয়াৰ এলা কনলীয়ে ২৩.৪১ ছেকেণ্ডত নিজৰ দৌৰ সমাপ্ত কৰে আৰু দ্বিতীয় স্থান লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। হিমাই নামিবিয়াৰ ক্ৰিষ্টিন মবোমা আৰু অষ্ট্ৰেলিয়াৰ এলা ক’নলীক পিছ পৰিছিল। এই পৰাজয়ৰ লগে লগে হিমা দাসৰ পদক জয়ৰ সপোন চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছে।

অৱশ্যে, তেওঁ এতিয়াও ৰিলে দৌৰত ভাল প্ৰদৰ্শন কৰিব পাৰে আৰু পদক জিকিব পাৰে। তেওঁ ৪×১০০ মিটাৰ ৰিলেত দুতি চান্দ, সৰ্বনী নন্দা আৰু এনএছ চিমিৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰ পূৰ্বে, হিমাই ২৩.৪২ ছেকেণ্ড সময়ৰ সৈতে নিজৰ হিটত প্ৰথম স্থান লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। ছেমি ফাইনেলত দাসে তেওঁৰ শ্ৰেষ্ঠতকৈ অধিক সময় লৈছিল। ২০০ মিটাৰ দৌৰত দাসৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে ২২.৮৮ ছেকেণ্ড। এই ছিজনত তেওঁৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে ২৩.২৯ ছেকেণ্ড, যিটো তেওঁ জুনত এথলেটিকছ চেম্পিয়নশ্বিপত কৰিছিল। উল্লেখ্য যে  হিমা দাস দেশৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ। তেওঁ এমাহত পাঁচটা সোণৰ পদক জিকিছে। আনকি কমনৱেলথ গেমছ ২০২২ ত তেওঁৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতেই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল আৰু দাবী কৰা হৈছিল যে হিমাই কমনৱেলথ গেমছত পদক জিকিছে। অৱশ্যে, সেই ভিডিঅ’টো যথেষ্ট পুৰণি আছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *