ফ্লিপকাৰ্টৰ উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে উত্তৰ প্ৰদেশ চৰকাৰৰ বাৰাণসী জিলা প্ৰশাসনৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে, যাতে শিল্পী, শিপিনী, বিকলাঙ্গ লোক আৰু বাৰাণসীৰ বাবে ৰাষ্ট্ৰীয় বজাৰৰ প্ৰৱেশাধিকাৰ সক্ষম হয়।

এই অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যখনৰ বেনাৰস শাৰী, হেণ্ডমেড কাৰ্পেট, জাৰ্ডোজী ক্ৰাফ্ট, মেটাল ক্ৰাফ্ট, আৰু হেণ্ডমেড ডাৰিৰ দৰে আইকনিক সামগ্ৰী এতিয়া ফ্লিপকাৰ্ট প্লেটফৰ্মত ৪০০ নিযুত গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।এই উদ্যোগ সন্দৰ্ভত মন্তব্য কৰি ভাৰত চৰকাৰৰ মাইক্ৰ’, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ভানু প্ৰতাপ সিং বাৰ্মাই কয়, “সমগ্ৰ দেশৰ পৰা ই-কমাৰ্চ গ্ৰাহকৰ জৰিয়তে এতিয়া ৰাজ্য-নিৰ্দিষ্ট স্থানীয় আইকনিক সামগ্ৰী যেনে বেনাৰস শাৰী, হস্তনিৰ্মিত কাৰ্পেট, জাৰ্ডোজী ক্ৰাফ্ট, মেটাল ক্ৰাফ্ট আৰু হেণ্ডমেড ডাৰিছত প্ৰৱেশ কৰিব পাৰিব।অনুষ্ঠানটোত উপস্থিত থকা সন্মানীয় অতিথিসকল আছিল – উত্তৰ প্ৰদেশ চৰকাৰৰ মাননীয় পঞ্জীয়ন আৰু মোহৰ মন্ত্ৰী শ্ৰী ৰবীন্দ্ৰ জয়ছোৱাল।

এই অংশীদাৰীত্ব সন্দৰ্ভত মন্তব্য কৰি ফ্লিপকাৰ্ট গ্ৰুপৰ মুখ্য কৰ্পোৰেট পৰিক্ৰমা বিষয়া ৰজনীশ কুমাৰে কয়, “এই বুজাবুজি চুক্তিৰ জৰিয়তে লাখ লাখ সুযোগ আৰু নতুন চাকৰি সৃষ্টি কৰি বাৰাণসীত ক্ষুদ্ৰ ব্যৱসায়, শিল্পী, শিপিনী আদিলৈ ই-কমাৰ্চৰ সুযোগ সম্প্ৰসাৰিত কৰাৰ সময়ত উত্তৰ প্ৰদেশ ৰাজ্যত আমাৰ সম্পৰ্ক গভীৰ কৰি ৰাখি আমি আনন্দিত।

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *