কলাক্ষেত্ৰত শিশু-চেমনীয়াৰ নাট “ৰতনপুৰৰ ৰত্নকোঁৱৰ” মঞ্চস্থ

ৰত্নকোঁৱৰৰ দৰে মানুহ ভালপোৱা মানুহ আৰু নিঃস্ব মানুহৰ বাবে সৰ্বচ্চ উজাৰি প্ৰাণবলি দিয়া পৰিভ্ৰমী চৰাইজনীৰ দৰে বিনন্দীয়া প্ৰকৃতি — এই দুয়োৱে ভৱিষ্যতৰ সুখী পৃথিৱীখনৰ আধাৰ—আমি এই আধাৰক ৰক্ষা কৰিব লাগিব।

এই মূল উপজীৱ্য বিষয়বস্তুৰে অস্কাৰ ৱাইল্ডৰ বিখ্যাত “হেপী প্ৰিন্স” সাধুটোৰ আধাৰত বিশিষ্ট নাট্যকাৰ হৰেন্দ্ৰনাথ বৰঠাকুৰে ৰচনা কৰা শিশু-চেমনীয়াৰ নাট “ৰতনপুৰৰ ৰত্নকোঁৱৰ” যোৱা ২৮ জুলাইৰ সন্ধিয়া শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হয়। বিশিষ্ট অভিনেতা, চলচ্চিত্ৰ পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই উদ্বোধন কৰা নাটখনিৰ পৰিচালনা আছিল দিলীপ গোস্বামীৰ। নাট্যশালা গুৱাহাটীৰ উদ্যোগত আৰু অম্বিকাগিৰী নগৰৰ সেউজ সংঘৰ সহযোগত যোৱা ১০ জুলাইৰ পৰা অনুষ্ঠিত হোৱা শিশু নাট‌ কৰ্মশালাৰ প্ৰয়োজনা হিচাপে মঞ্চস্থ কৰা নাটখনত ১৬ গৰাকী শিশু অভিনেতা আৰু এগৰাকী প্ৰাপ্তবয়স্ক অভিনেতা ভূপেন বৰকটকীয়ে অভিনয় কৰে। নাটখনৰ সংগীত আছিল হুমায়ুন চৌধুৰীৰ। সংগীত ব্যৱস্থাপনাত আছিল কুলদীপ তালুকদাৰ, কৰিঅ’গ্ৰাফাৰ চন্দ্ৰাস্মিতা গোস্বামী, দৃশ্য সজ্জা আৰু ব্যৱস্থাপনা দিবাকৰ গোস্বামী আৰু প্ৰকাশ শৰ্মাৰ, পোহৰ দীপক ডেকাৰ। অভিনয় শিল্পীসকল আছিল শ্ৰেয়াশ্ৰী চৌধুৰী, কৃষ্ণিকা বৰা, হিয়াস্বিতা গোস্বামী, তন্ময়জ্যোতি পাঠক, ভূয়সী ফুকন, নিষ্ঠা প্ৰিয়ম শৰ্মা, দক্ষিণা দেবী, ধীৰমান বিকাশ, কাচভি কাশ্যপ, দীক্ষিতা ঠাকুৰীয়া, তানিশা চৌধুৰী, সুচিতা কলিতা, প্ৰজ্ঞা তামুলী, ৰাজলীনা দাস, জিদান ঠাকুৰীয়া, দীপশিখা বড়ো।

নাটখনিত শিশু সকলৰ সাৱলীল অভিনয় , গীতাংশৰ সহজবোধ্য সুৰ, শৃংখলাবদ্ধতা, পখী আৰু ৰাজকোঁৱৰৰ মূৰ্তিৰ ভাওত শিশু দুটিয়ে কৰা অভিনয়ে দৰ্শকক মুগ্ধ কৰে। নাট্য সন্ধিয়াৰ আৰম্ভণিতে যোৱা ২৪ জুনত দেহাৱসান হোৱা নাট্যকাৰ হৰেন্দ্ৰনাথ বৰঠাকুৰৰ প্ৰতিকৃতিৰ সম্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এখনি স্মৰণিকা উন্মোচন কৰে জগদীশ গোস্বামীয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *