সদ্যসমাপ্ত ৬১ তম্ ৰাষ্ট্ৰীয় চিনিয়ৰ আন্ত:ৰাজ্যিক এথলেটিকচ প্ৰতিযোগিতাত দীৰ্ঘদিনীয়া শাৰীৰিক আঘাতৰ অন্তত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অৰ্জুন হিমা দাসে আগন্তুক কমনৱেলথ গেমছত
৪ x ১০০ মিটাৰ দৌৰৰ মহিলাৰ শাখাত দেশক প্ৰতিনিধিত্ব কৰিব ।খেলুৱৈগৰাকীৰ অনুশীনত সহায় হোৱাকৈ অসম এথলেটিকচ সন্থাই ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে। লগতে আন এগৰাকী প্ৰতিভাৱান দৌৰবিদ অম্লান বৰগোঁহাইয়ে ইতিমধ্যেই বহুকেইটা পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। খেলুৱৈগৰাকীৰ প্ৰশিক্ষণাৰ্থে অসম এথলেটিকচ সন্থাই ৫০ হাজাৰ টকা আগবঢ়োৱাৰ কথা সদৰী কৰিছে অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে।