অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগে শুকুৰবাৰে ৰাজ্যপাল প্ৰদত্ত এক অধিসূচনা যোগে বন বিভাগৰ বিশেষ প্ৰধান মুখ্য বন বন সংৰক্ষক ( আইন ) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সুৰী শ্ৰীনিবাস ৰাওক অতিৰিক্ত ভাবে বিভাগটোৰ মূৰব্বী হিচাপে সাময়িক ভাৱে কাৰ্যনিৰ্বাহ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । বিভাগৰ অতিৰিক্ত সচিব এম হাছানে ১২ মে’ত জাৰি কৰা নিৰ্দেশ অনুসৰি বন বিভাগৰ মুৰব্বী অমিত সহায়ৰ অনুপস্থিতিৰ বাবে ৰাওৱে অহা ২৪ মে পৰ্যন্ত অতিৰিক্তভাবে দায়িত্বভাৰ পালন কৰিব । ইতিমধ্যে শুকুৰবাৰৰ পৰা এই নির্দেশ কাৰ্যকৰী হৈছে বুলি বিভাগৰ সূত্ৰত প্ৰকাশ ।