মহিলা কাব্যমঞ্চ,কামৰূপ অসমৰ দ্বাৰা “ ইনসে হে হাম” গ্ৰন্থ প্ৰদান আৰু বহু ভাষিক কবি সন্মিলন সম্পন্ন

আন্তৰ্জাতিক মহিলা কাব্যমঞ্চৰ, কামৰূপ শাখা  অসম আৰু কটন বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সন্মিলিত প্ৰচেষ্টাত যোৱা ৩০ এপ্ৰিল তাৰিখে কটন বিশ্ববিদ্যালয়ৰ কনফাৰেঞ্চ হল(৩১১)ত বহুচৰ্চিত “ইনসে হে হাম” গ্ৰন্থ প্ৰদান অনুষ্ঠানৰ লগতে মহিলা কাব্যমঞ্চৰ বহুভাষিক কবি সন্মিলন খন অনুষ্ঠিত কৰা হয়, মহিলা কাব্যমঞ্চ অসমৰ ৰাজ্যিক মহাসচিব মালবিকা ৰায়মেধি দাস “মেধা”ৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা সভাখনত অধ্যক্ষতা কৰে অধ্যক্ষা বিৰজা দেৱীয়ে। মুখ্য অতিথিৰ  আসন শুৱনি কৰা কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া “ডিন”আৰু বড়ো বিভাগৰ অধ্যাপক  ড°ফুকন চন্দ্ৰ বসুমতাৰী দেৱে  বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।সৰস্বতী বন্দনা পৰিবেশন কৰে ৰীতামণি ভূঞাই। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাক্ষা ড°কুসুমকুঞ্জ মালাকৰ আৰু কটন বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ উপাধ্যক্ষ আৰু পৰিসংখ্যা বিভাগৰ উপাধ্যক্ষা ড°ৰুমা তালুকদাৰ। অতিথি সকলৰ লগতে আহ্বায়িকা আৰু অধ্যক্ষাক একোখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই  উপাধ্যক্ষা শেৱালী ভাগৱতী,মহাসচিব বন্দনা ৰায়মেধি,প্ৰণীতা শৰ্মা আৰু ড°মঞ্জুলা হুছেইনে। পৰিবেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি একোটিকৈ গছপুলি উপহাৰ স্বৰূপে আগবঢ়াই অৱনীত কৌৰ”দিপালী “,কুমুদ শৰ্মা আৰু কান্তা আগৰৱালে।অনুষ্ঠানটিত উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষন প্ৰদান কৰে মালবিকা ৰায়মেধি দাস(মেধা)ই।ঐতিহ্যমণ্ডিত কটন কলেজৰ গৌৰৱোজ্বল কথা সুৱৰি তেখেতে উল্লেখ কৰে যে আজিৰ কটনে যি চিন্তা কৰে অহাকালি সমগ্ৰ অসমে সেই চিন্তাৰে আগবাঢ়িব ৷এই চিন্তাৰে গ্ৰন্থ প্ৰদান কাৰ্যৰ বাবে  -আজি আমি কটন বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ গ্ৰন্থাগাৰলৈ বহুচৰ্চিত গ্ৰন্থ ‘ইনসে হে হম’ আগবঢ়াবলৈ পাই গৌৰববোধ কৰা বুলি মালবিকা মেধি দাসে উল্লেখ কৰে ৷এই গ্ৰন্থখনত একাৱন্ন গৰাকী লিখকৰ প্ৰবন্ধ সন্নিৱিষ্ট হৈছে এই মহানগ্ৰন্থখনত মালবিকা “মেধা“,কুমুদ শৰ্মা ,অবনীত কৌৰ “দিপালী“ৰ তিনিটি প্ৰবন্ধ অন্তৰ্ভূক্ত হৈছে কালৰ বুকুত হেৰাই যাব ধৰা মহান পুৰুষ সকলৰ জীৱনীৰে সমৃদ্ধ গ্ৰন্থ খন পঢ়ি ছাত্ৰী সকল নিশ্চয় উপকৃত হব। বিশিষ্ট অতিথি সকলেও কাব্যমঞ্চৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰে৷ স্বাধীনতাৰ “অমৃত মহোৎসৱ” উপলক্ষে ভাৰতীয় জন মহাসভাৰ অধ্যক্ষ শ্ৰী ধৰ্ম চন্দ্ৰ পোদ্দাৰ দেৱৰ নেতৃত্বত আৰু অৱধেশ কুমাৰ “অৱধ”দেৱৰ দ্বাৰা সম্পাদিত গ্ৰন্থ ‘ইনসে হে হাম’ ত ভাৰতবৰ্ষৰ গৌৰৱশালী মহাপুৰুষৰ ভাবধাৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলী নিবেদন কৰা হৈছে যিয়ে এতিয়ালৈকে উপযুক্ত সন্মান পোৱা নাই।তেওঁলোকৰ দেশপ্ৰেম, দেশৰ প্ৰতি বলিদান দিয়াৰ কাহিনী কালৰ গতিত হেৰাই যোৱাৰ উপক্ৰম হৈছে ,সেই মহান পুৰুষ সকলৰ গৌৰৱোজ্বল কাহিনী গ্ৰন্থখনত লিপিবদ্ধ কৰা হৈছে৷ অনুষ্ঠানটিত মুখ্য অতিথি ড° ফুকন চন্দ্ৰ বসুমতাৰীদেৱে মহিলা সকলে ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহি এনেবোৰ কাৰ্যত জড়িত হোৱাৰ বাবে গৌৰৱবোধ কৰে। ‘ইনসে  হে হাম’  গ্ৰন্থখনে সাহিত্য জগতখনত এক সুকীয়া স্থান অধিকাৰ কৰি পঢ়ুৱৈ সমাজক নিশ্চয় উপকৃত কৰিব। সামাজিক দিশত নাৰীৰ মনস্তাত্বিক লিখনিয়ে সমাজৰ উত্তৰণত সহায় কৰে৷ ভাৰ্জিনা উলফ, আমেৰিকাৰ লেখিকা সীমা মুণ্ডাৰ বিষয়েও কিছু আভাস তেখেতৰ বক্তব্যত প্ৰকাশ  কৰে।বিশিষ্ট অতিথি হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক ড° কুসুমকুঞ্জ মালাকৰ আৰু পৰিসংখ্যা বিভাগৰ উপাধ্যক্ষা ড° ৰুমা তালুকদাৰে তেখেত সকলৰ ভাষনত গ্ৰন্থ দানৰ দৰে মহান কাৰ্যৰ বাবে কটন বিশ্ববিদ্যালয় নিৰ্বাচন কৰা বাবে আয়োজক তথা সংযোজক মালবিকা“ৰায় মেধি দাস (মেধা) ধন্যবাদ জ্ঞাপন কৰি আনন্দ প্ৰকাশ কৰে ৷ কটন  বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ গোলোক  ৰায়মেধি স্মৃতি প্ৰকাশন ৰ পৰা ১২খন কৈ গ্ৰন্থ আৰু বিৰজা দেৱীৰ ৯ খন স্বৰচিত গ্ৰন্থ ড° ৰুমা তালুকদাৰৰ হাতত আগবঢ়োৱা হয়। অনুষ্ঠানটিৰ দ্বিতীয় কাৰ্য্যসূচী আছিল বহুভাষিক কবিসন্মিলন।এই অনুষ্ঠানটি সঞ্চালনা কৰে অৱনীত কৌৰ “দিপালী” য়ে বিভিন্ন ভাৱধাৰাৰ স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে–প্ৰণীতা শৰ্মা ,হীৰামণি তালুকদাৰ, কাঞ্চন শৰ্মা(কৌশিকা),কান্তা আগৰৱাল,হেমলতা গোলচা, প্ৰিয়লতা ডেকা,গীতা দেৱী ,সবিতা যোশী,কুমুদ  শৰ্মা (কাশ্বী),ড°মঞ্জুলা হুছেইন, শেৱালী ভাগৱতী, মালবিকা ৰায়মেধি দাস “মেধা“, নন্দিতা ডেকা,অবনীত কৌৰ ,বন্দনা ৰায় মেধি আৰু কটন বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ ছাত্ৰী ৰিমা দাস আৰু ধৰিত্ৰী দেবী ৷ শেষত কুমুদ শৰ্মাই ‘ইনসে হে হাম’ গ্ৰন্থ খন বিষয়ে চমু আভাস ব্যক্ত কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *