ৰিয়েল মাদ্ৰিদে নিজৰ আধিপত্য অব্যাহত ৰাখি শনিবাৰে ইয়াত এস্পানিয়লক ৪-০ গ’লত পৰাস্ত কৰি স্পেনিছ ফুটবল লীগ লা লিগাত অভিলেখ ৩৫ তম খিতাপ অৰ্জন কৰে।খেলখন শেষ হোৱাৰ পিছতো খেলুৱৈ আৰু প্ৰশিক্ষকসকলে ছান্টিয়াগো বেৰ্নাবেউ ষ্টেডিয়ামত জয় উদযাপন অব্যাহত ৰাখিছিল। তাৰ পিছত তেওঁলোকে হোটেলত জয় উদযাপন কৰিছিল। ৰিয়েল মাদ্ৰিদে বুধবাৰে একেখন খেলপথাৰতে মানচেষ্টাৰ চিটিৰ বিৰুদ্ধে চেম্পিয়নছ লীগৰ ছেমি ফাইনেলৰ দ্বিতীয় পৰ্যায়ত খেলিব। প্ৰথম পৰ্যায়ৰ পিছত, তেওঁলোক ৪-৩ ত পিছ পৰি আছে।এস্পানিয়লৰ বিৰুদ্ধে জয়লাভ কৰাৰ লগে লগে ৰিয়েল মাদ্ৰিদে দ্বিতীয় স্থানত থকা চেভিলাৰ ওপৰত ১৭ পইণ্টৰ অগ্ৰগতি লাভ কৰিছে। চেভিলাই শুকুৰবাৰে কাডিজৰ সৈতে ১-১ গ’লত ড্ৰ খেলিছিল। উল্লেখ্য যে ৰিয়েল মাদ্ৰিদ চিৰ প্ৰতিদ্বন্দী বাৰ্চিলোনাতকৈ ১৮ পইণ্ট আগবাঢ়ি আছে। এতিয়া মাত্ৰ চাৰিটা ৰাউণ্ডৰ খেল বাকী আছে আৰু আন কোনো দলে ৰিয়েল মাদ্ৰিদৰ সমকক্ষ হ’ব নোৱাৰিব।
লা লিগাৰ অভিলেখ ৩৫ তম খিতাপ অৰ্জন ৰিয়েল মাদ্ৰিদৰ
