এন এফ ৰে’লৱেৰ মজদুৰ ইউনিয়নৰ মে’দিৱসৰ প্ৰস্তুতি

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে সমূহ শ্রমজীৱী জনসাধাৰণলৈ ঐতিহাসিক মে’ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে ১৮৮৬ চনত আমেৰিকাৰ চিকাগো চহৰত শ্ৰমিকৰ হকে প্রাণ আহুতি দিয়া মহান শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। এক বিজ্ঞপ্তিত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশিস বিশ্বাস আৰু যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে কয় যে শ্রমিক শ্রেণীৰ ওপৰত চলি থকা শোষণ-নিষ্পেষণৰ অৱসান ঘটাই এখন শোষণমুক্ত সমাজ ব্যবস্থা গঢ়ি তোলাই হৈছে মে দিৱস পালনৰ তাৎপর্য।  বিগত সময়ছোৱাত কেইবা নিযুত কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। বৃহৎ বৃহৎ কোম্পানীবোৰৰ পৰা হাজাৰ হাজাৰ কৰ্মচাৰী ছাটাই হ’বলগীয়া হৈছে। কেন্দ্রীয় তথা ৰাজ্যিক চাকৰিয়ালে পাই থকা সা-সুবিধাসমূহ কৰ্তন কৰা হৈছে। পদ কর্তন কৰা হৈছে, নতুন নিযুক্তি বন্ধ কৰি দিয়া হৈছে। নিবনুৱা সমস্যাই এক ভয়ানক ৰূপ লৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰা দামেও দেশবাসীক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দিছে    এনে এক পৰিস্থিতিত ট্রেড ইউনিয়নসমূহৰ দায়িত্ব তথা  গুৰুত্ব অধিক বৃদ্ধি পোৱা বুলি উল্লেখ কৰি এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ নেতান্বয়ে মে’ দিৱস পালনৰ জৰিয়তে শ্রমিক ঐক্যক অধিক শক্তিশালী কৰি নিবনুৱা সমস্যা সমাধান, শ্রমজীৱী লোকৰ প্ৰাপ্য আদায়, দামবৃদ্ধি ৰোধ আদিৰ সমৰ্থনত প্রবল জনমত গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *