ইণ্ডিয়া ক্লাৱত ৮৯ বছৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰা সই

গুৱাহাটীৰ ইণ্ডিয়া ক্লাবে ৮৯ বছৰৰ বৰ্ষপুৰ্তি উপলক্ষে উদযাপন কৰে প্ৰথম প্ৰতিষ্ঠা দিৱস,৮ জানুৱাৰী ২০২২। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, সন্মানীয় অতিথিৰূপে অসম অলিম্পিক এচ’ছিয়েচনৰ সাধাৰণ সম্পাদক শ্ৰী লক্ষ্য কোঁৱৰ  আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে শ্ৰী শান্তনু ভৰালী (অধিবক্তা)।

এই প্ৰতিষ্ঠা দিৱস পুৰণি পৰম্পৰাসমূহৰ পালনেৰে উদযাপন কৰা হয়। ১৯৩৩ চনত ব্ৰিটিছ শাসনৰ সময়ত স্থাপিত, ইণ্ডিয়া ক্লাবে আৰম্ভণিতে অঞ্চলটোৰ টেনিছ উৎসাহীসকলক সেৱা আগবঢ়াইছিল যদিও বৰ্তমান কেৱল টেনিছৰ বাবেই নহয়, টেবুল টেনিছ, বিলিয়ৰ্ডছ, বেডমিণ্টন, ডাৰ্টছ আৰু সাঁতোৰৰ দৰে ক্ৰীড়াৰ বাবে সৰ্বশ্ৰেষ্ঠ কেন্দ্ৰ হিচাপে এই ক্লাবৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই উপলক্ষে, ইণ্ডিয়া ক্লাবে অসমৰ দুজন প্ৰতিশ্ৰুতিসম্পন্ন জুনিয়ৰ খেলুৱৈ ৰিয়ান কাশ্যপ আৰু অদ্ৰিকা ৰাজকুমাৰীক টেনিছ বৃত্তি প্ৰদান কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *