ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট চেম্পিয়নশ্বিপ

43

গুৱাহাটী সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত ১২ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৪ জুলাই, দেওবাৰে সফল সামৰণি পৰে । মিজোৰামৰ বাহিৰে ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমে ১১৮ টা সোণ, ১২১ টা ৰূপ, ১৬৫ টা ব্ৰঞ্জেৰে মুঠ ৪০৪ টা পদক অৰ্জন কৰি শ্ৰেষ্ঠ বিজেতাৰ দলত পৰিণত হয়। নাগালেণ্ড দলে ২৮ টা সোণ, ১৬ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জসহ ৬০ টা পদকেৰে দ্বিতীয় স্থানত ৰয় ।

মণিপুৰে ৩৫ টা, অৰুণাচল প্ৰদেশে ২৬ টা, মেঘালয়ে ১০, ত্ৰিপুৰাই ৮ আৰু ছিকিমে ৩ টা পদক জয় কৰে ।‌অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত প্ৰতিযোগিতাখনিৰ সামৰণি অনুষ্ঠানত আই আই টি গুৱাহাটীৰ অধ্যাপক অনুপ কুমাৰ দাস, উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট ফেডাৰেচনৰ সভাপতি খেভিচে চেমা,  সম্পাদক কিপা টাকাৰ, টেকনিকেল ডাইৰেক্টৰ শ্যাম কুমাৰ সিং, অসম পেনচাক ছিলাট সন্থাৰ উপদেষ্টা উদয় বৰগোহাঁই, অসম ক্ৰীড়া প্ৰাধিকৰণৰ বিষয়া তথা অসম পেনচাক ছিলাট সন্থাৰ উপদেষ্টা বকুল কলিতা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ হিমাশ্ৰী পাঠককে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে।

 বঁটা বিতৰণী অনুষ্ঠানৰ আঁত ধৰে ৰাজ্যিক সন্থাৰ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলে আৰু যুটীয়া সম্পাদক গগন বড়োৱে ।