বান প্ৰভাৱিত ৰাজ্য গুজৰাটলৈ ৬০০ কোটি, মণিপুৰলৈ ৫০ কোটি আৰু ত্ৰিপুৰালৈ ২৫ কোটি টকা আগবঢ়ালে কেন্দ্ৰই

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছডিআৰএফ) পৰা কেন্দ্ৰীয় অংশ হিচাপে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এনডিআৰএফ) পৰা গুজৰাটলৈ ৬০০ কোটি টকা, মণিপুৰলৈ ৫০ কোটি টকা আৰু ত্ৰিপুৰাক ২৫ কোটি টকা আগবঢ়োৱাৰ বাবে অনুমোদন জনাইছে। এই ৰাজ্যসমূহ এই বছৰ দক্ষিণ-পশ্চিম মৌচুমী বায়ুত অত্যাধিক ধাৰাসাৰ বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ দ্বাৰা প্ৰভাৱিত হৈছে। কেন্দ্ৰই শেহতীয়াকৈ বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা বিহাৰ আৰু পশ্চিম বংগলৈ অতি শীঘ্ৰে ইণ্টাৰ-মিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল দল (আইএমচিটি) প্ৰেৰণ কৰিব আৰু ক্ষয়ক্ষতিৰ মূল্যায়ন কৰিব।

কেন্দ্ৰীয় চৰকাৰে গুজৰাটলৈ ৬০০ কোটি টকা, মণিপুৰলৈ ৫০ কোটি টকা আৰু ত্ৰিপুৰাক এছডিআৰএফৰ পৰা কেন্দ্ৰীয় অংশ হিচাপে ২৫ কোটি টকা মুকলি কৰিবলৈ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এনডিআৰএফ) পৰা আগবঢ়োৱাৰ বাবে অনুমোদন জনাইছে এক বিজ্ঞপ্তিটোত কোৱা হৈছে।  এই বছৰ অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু মণিপুৰ অত্যাধিক ধাৰাসাৰ বৰষুণ, বান পানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল।

এই বছৰ ভাৰত চৰকাৰে এছডিআৰএফৰ পৰা ২১ খন ৰাজ্যলৈ ৯০৪৪.৮০ কোটি টকা, এনডিআৰএফৰ পৰা ১৫ খন ৰাজ্যলৈ ৪৫২৮.৬৬ কোটি টকা আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ (এছডিএমএফ) পৰা ১১খন ৰাজ্যলৈ ১৩৮৫.৪৫ কোটি টকা মুকলি কৰিছে। তদুপৰি, কেন্দ্ৰীয় চৰকাৰে সকলো বানপীড়িত ৰাজ্যক প্ৰয়োজনীয় এন ডি আৰ এফ দল, সেনা দল আৰু বায়ু সেনা মোতায়েনকে ধৰি সকলো লজিষ্টিক সহায় আগবঢ়াইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *